HomeFitnessBenefits of Blue Tea | নীলা চাহৰ এই ৭ টা গুণ জানিলে...

Benefits of Blue Tea | নীলা চাহৰ এই ৭ টা গুণ জানিলে আাচৰিত হৈ পৰিব !

নীলা চাহৰ এই ৭ টা গুণ জানিলে আাচৰিত হৈ পৰিব ! আপোনাৰ শৰীৰক কৰি তুলিব পাৰে নিৰোগী ৷

Benefits of Blue Tea : আজিৰ ব্যস্ততাপুৰ্ণ জীৱনত নিজৰ বাবে এখন্তেক চিন্তা কৰাৰ বাবে সময়ৰ যেন অভাৱহৈ পৰিছে সকলোৰে ৷ আধুনিকতাৰ প্ৰভাৱ আৰু খাদ্যশৈলীৰ দ্ৰুত পৰিবৰ্ত্তনত ক্ৰমান্বয়ে যেন আয়ুস টুটি আহিছে সকলোৰে৷ হেৰাই যাব ধৰিছে যেন দীৰ্ঘজীৱী আৰু সুস্থ শৰীৰৰ মূল মন্ত্ৰ৷ এনে সময়তে বিশ্ববাসীৰ মাজত খলকনি তুলিছে এটি বিশেষ নামে অৰ্থাৎ “নীলা চাহ” (Blue Tea) য়ে ৷ এই নীলা চাহৰ মাজত লুকাই থকা আমাৰ শৰীৰৰ বাবে লাভদায়ক গুণে হতবম্ব কৰি তুলিছে বিশ্ববাসীক ৷ আমাৰ অসমৰ প্ৰায় প্ৰত্যেকৰে ঘৰতে উপলব্ধ এই “নীলা চাহ”(Blue Tea)৷  কিন্তু আমাৰ আধুনিক জীৱনশৈলীয়ে আমাক আতৰাই ৰাখিছে ইয়াৰ উপকাৰিতাৰ পৰা ৷

কি এই নীলা চাহ (Blue Tea) ?

এই “নীলা চাহ” (Blue Tea) আন একো নহয় ই আমাৰ বাৰীত উপলব্ধ অপৰাজিতা ফুল (Butterfly Pea) ৰ দ্বাৰা তৈয়াৰী এক বিশেষ ভেষজ চাহ৷ এই চাহৰ মাজত লুকাই আছে আমাৰ শৰীৰৰ ৰোগ নিৰাময়ৰ বিভিন্ন ধৰণৰ স্বাস্থ্য উপকাৰী গুণ৷ দেখাত অতি সুন্দৰ এই নীলা ৰংৰ চাহৰ মাজ লুকাই আছে বহুত ঔষধি গুণ ৷ বৰ্ত্তমান ভাৰততো নীলা চাহৰ চাহিদা বৃদ্ধি পাইছে ৷ এই ভেষজ নীলা চাহৰ মাজত লুকাই থকা স্বাস্থ্য লাভকাৰী গুণৰ বাবে ই জনপ্ৰিয় হৈ পৰিছে ৷

নীলা চাহৰ উপকাৰিতা | Benefits of Blue Tea :

দেখাত অতি সুন্দৰ নীলা চাহ কাপৰ মাজতেই সুমাই আছে বহুত স্বাস্থ্য উপকাৰী গুণ ৷ এই গুণাগুণ সমূহৰ বিষয়ে জানো আহক ৷

১. নীলা চাহে আমাৰ শৰীৰৰ ডিটক্সীকেশ্যন (Detoxification) কৰে :

নীল চাহ মাজত লুকাই আছে এণ্টিঅ’ক্সিডেণ্ট গুণ । এই এণ্টিঅ’ক্সিডেণ্ট ৰ প্ৰভাৱত আমাৰ শৰীৰৰ পৰা টক্সিন সমূহ আঁতৰি পৰে আৰু আমাৰ শৰীৰটো সুস্থ-সৱল হৈ পৰে৷ সেয়েহে নীলা চাহ গ্ৰহণ কৰাৰ ফলত আমাৰ শৰীৰত থকা টক্সিন আঁতৰি যায় ৷ 

২. নীলা চাহে মানসিক উত্তেজনা হ্ৰাস কৰে:

অতিমাত্ৰা চাপ আৰু উদ্বিগ্নতাই আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় ৷ নীলা চাহ সেৱনৰ ফলত আমাৰ মানসিক চাপ সমুহ কমিবলৈ আৰম্ভ হয় আৰু আমাৰ মন শান্ত ও সজাগ হৈ পৰে৷ 

৩. নীলা চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে :

নীল চাহৰ মাজত লুকাই থকা  এণ্টিঅ’ক্সিডেণ্ট গুণে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। নীল চাহৰ নিয়মীয়া সেবনে অমাৰ শৰীৰটোক বাহিৰা ভাইৰাছ বা বেক্টেৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰাকৈ সক্ষম কৰি তোলে । ইয়াত থকা ভিটামিন C ৰ বাবে চর্দি-কাহ, ইনফ্লুয়েঞ্জা আদিৰ দৰে ৰোগে যাতে আমাৰ শৰীৰক ক্ষতি কৰিব নোৱাৰে তাৰ বাবে আমাৰ শৰীৰটক সক্ষম কৰি তোলে ৷

৪. নীলা চাহে ডায়বেটিচ নিয়ন্ত্ৰণ কৰে :

ডায়বেটিচত আক্ৰান্ত ৰোগীৰ বাবে নীলা চাহ অতি উপকাৰী বুলি বিভিন্ন সময়ত বিশেষজ্ঞ সকলে প্ৰকাশ কৰি আহিছে ৷ নীলা চাহে গ্লুকজ মেটাবলিজমৰ ওপৰত প্ৰভাৱ পেলাই আৰু তেজত চেনীৰ পৰিমান নিয়ন্ত্ৰণ কৰি ৰাখে ৷

 ৫. নীলা চাহ ওজন হ্ৰাস কৰাত সহায়ক :    

নীলা চাহে আমাৰ শৰীৰৰ ওজন হ্ৰাস কৰাতো সহায়ক । ই আমাৰ শৰীৰত মেটাবলিজম বঢ়ায় আৰু শৰীৰত মেদ জমা হোৱাত বাধা প্ৰদান কৰে । সেয়েহে যদি আমি আমাৰ শৰীৰৰ অতিৰিক্ত মেদ আতৰাবলৈ বিচাৰো তেন্তে নীলা চাহ সেৱন আমাৰ বাবে লাভজনক হয় ৷

৬. নীলা চাহে আমাৰ স্কিনৰ উজ্জ্বলতা বৃদ্ধি কৰে :  

নীল চাহৰ মাজত উপলব্ধ এণ্টিঅ’ক্সিডেণ্টে কেৱল আমাৰ শৰীৰৰ অভ্যন্তৰীণ স্বাস্থ্যৰ বাবেহে লাভজনক তেনে নহয়, ই আমাৰ  বাহ্যিক সৌন্দৰ্যৰ ক্ষেত্ৰতো গুৰুত্বৰ ভূমিকা গ্ৰহণ কৰে । নীলা চাহৰ নিয়মীয়া সেৱনে আমাৰ দেহৰ ছালক যৌৱন দীপ্ত কৰি ছালৰ সৌন্দৰ্য বহুগুণে বৃদ্ধি কৰি বয়সৰ ক্ৰিয়া হ্ৰাস কৰে। নীলা চাহে আমাৰ স্কিনৰ উজ্জ্বলতা বৃদ্ধি কৰে ৷ 

৭. নীলা চাহে আমাৰ দৃষ্টিশক্তিৰ উন্নত কৰে :  

নীলা চাহত থকা Proanthocyanidin  নামৰ বিশেষ পদাৰ্থ বিধে আমাৰ দৃষ্টিশক্তি উন্নত কৰে। ই আমাৰ চকুৰ স্নায়ু সৱল কৰি তুলি দৃষ্টিশক্তিৰ সমস্যাবোৰ কমায়। বৰ্ত্তমান ডিজিটেল যুগত আমি আধিক সময় কম্পিউটাৰৰ সন্মূখত কটাবলগীয়া হোৱাত আমাৰ চকুৰ ওপৰত বহুত প্ৰেচাৰ পৰে ৷ সেয়েহে নীলা চাহ সেৱন আমাৰ বাবে অধিক লাভজনক বুলি বিবেচনা কৰা হ’য় ৷

Note : নীলা চাহৰ মাজত যদিও আমাৰ শৰীৰৰ বাবে বহু উপকাৰী বুলি গণ্য কৰা হয়, তথাপিও ইয়াৰ অত্যাধিক সেৱনে পাৰ্শ্বক্ৰিয়া সৃষ্টি কৰিব পাৰে ৷

FAQ

. নীলা চাহ কি?

উত্তৰ: নীলা চাহ হৈছে অপৰাজিতা ফুলৰ পৰা তৈয়াৰ কৰা এবিধ ভেষজ চাহ।

২. নীলা চাহৰ লাভালাভবোৰ (Benefits of Blue Tea) কি ?

উত্তৰ: নীলা চাহত এণ্টিঅক্সিডেণ্ট থাকে, যি শৰীৰক মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। ই আমাক স্বাস্থ্যকৰ ছাল উপহাৰ দিয়াৰ লগতে  আমাৰ হজম শক্তি বৃদ্ধি কৰে

. নীলা চাহ কেনেদৰে খোৱা উচিত?

উত্তৰ: নীলা চাহ গৰম বা ঠাণ্ডা উপভোগ কৰিব পাৰি। 

Health Tips in Assamese | আপুনিও ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰে নেকি? এই অভ্যাস আজিয়েই এৰক! নহলে অপোনাৰ শৰীৰটো হ’ব এই ৰোগ!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments