HomeNew UpdateAssamese Rashifal / ফেব্ৰুৱাৰী ২০২৫ মাহটো আপোনাৰ কেনে যাব?/ Rashifal Assamese /...

Assamese Rashifal / ফেব্ৰুৱাৰী ২০২৫ মাহটো আপোনাৰ কেনে যাব?/ Rashifal Assamese / Assamese Rashi 

Assamese Rashifal / ফেব্ৰুৱাৰী ২০২৫ মাহটো আপোনাৰ কেনে যাব?/ Rashifal Assamese / Assamese Rashi 

১)মেষ ৰাশি (Assamese Rashifal: Mesha Rashi) : এই ৰাশিৰ জাতক-জাতিকাৰ বাবে ফেব্ৰুৱাৰী ২০২৫মাহটো আৰ্থিক দিশত শুভ আৰু পৰিয়ালৰ সুখ লাভ কৰিব ৷ কৰ্ট কেছ আছে যদি আপোচ হ’ব পাৰে ৷ ৰোগ ব্যাধি আদি আছে যদি সেয়া হ্ৰাস হ’ব৷ শত্ৰু কমিব ও আয়ুস বাহিব ৷ কাৰ্য্যত শুভ৷ উচ্চ প্ৰয্যায়ৰ ব্যক্তিৰ পৰা চাকৰী বা ব্যৱসায়ৰ ক্ষেত্ৰত সহায় পাব ৷ যান-বাহন, মোৰ্কদমা তথা বেমাৰ-আজাৰৰ পৰা আকস্মিক ভৱে খৰচ বাঢ়িব ৷ ছাত্ৰ-ছাত্ৰী সকলৰ মন পঢ়াত কম হ’ব ৷

ক’লা কুকুৰক গধূলী সময়ত ৰুটি খোৱাব বা ক’লা কাউৰীক নিয়মীয়াকৈ বস্তু খোৱাব ৷ দূখীয়া লোকক ক’লা কাপোৰ দান কৰিব৷

শিৱ মন্দিৰত তেঙা ফল সহ শৰাই আদবঢ়াব ৷

২) বৃষ ৰাশি (Assamese Rashifal: Vrishabha Rashi) : এই ৰাশিৰ জাতক-জাতিকাৰ ফেব্ৰুৱাৰী ২০২৫মাহটোত ভাগ্য উদয় হ’ব ৷ অবিবাহিত সকলৰ বিবাহৰ সম্পৰ্ক মুকলি কাৰিব ৷ ভাগ্য বৃদ্ধি হ’ব আৰু সন্তানৰ সুখ লাভ কৰিব ৷ নতুন চাকৰী তথা নতুন ব্যৱসায় শণি গ্ৰহৰ শুভ প্ৰভাৱত লাভ কৰিব পাৰে৷ চৰকাৰী উচ্চ পদস্থ লোকৰ সহায় লাভ কৰিব৷ মাহটোত খৰছ কমিব ৷ ভূমি, ভৱন আৰু মাতৃৰ শৰীৰৰ ক্ষেত্ৰত কিছু বাধা সৃষ্টি হ’ব পাৰে৷ দাম্পত্য জীৱনত আৰু পৰ্টনাৰছিপ ব্যৱসায়ত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ ৰাহু গ্ৰহে হঠাৎ লাভ দিব কিন্তু বিদ্যাত বাধা প্ৰদান কৰিব৷ গৰ্ভৱতী মহিলা সকল অলপ সাবধানে থকিব, গৰ্ভপাত হ’ব পাৰে৷ ভাতৃৰ লগত সম্পৰ্ক বেয়া হ’ব পাৰে৷ পত্নীৰ স্বাস্থ্য আৰু ব্যৱসায়ত বাধা উৎপন্ন হ’ব পাৰে ৷ অম্ল-পিত্ত, ছালৰ ৰোগ আদিৰ সমস্যাই দেখা দিব পাৰে৷

ৰাহু আৰু শণিৰ দান কৰিব ৷  

৩) মিথুন ৰাশি (Assamese Rashifal: Mithun Rashi) : এই ৰাশিৰ জাতক-জাতিকাৰ ফেব্ৰুৱাৰী ২০২৫মাহটোত খৰচ বাঢ়িব কিন্তু শুভ কামত৷ ভূমি-বাহনৰ সুখ লাভ কৰিব৷ মাতৃৰ স্বাস্থ্য শুভ ৷ এই মাহটোত আপোনাৰ মান সন্মান বাঢ়িব৷ ৰোগ-ঋণ আৰু শত্ৰুৰ পৰা মুক্তি লাভ কৰিব৷ শণি ভাগ্য স্থানত থকাত অতি শুভ ফলদায়ক হ’ব লগতে ভাগ্য বৃদ্ধি কৰিব ৷ কিন্তু ভাতৃ বা মিত্ৰ সকলৰ লগত সম্পৰ্ক কিছু বেয়া কৰিব পাৰে৷ চাকৰী আৰু ব্যৱসা্য়ত ৰাহুৰ অশুভ প্ৰভাৱ পৰিব ৷ সাবধানে থাকিব ৷    

৪) কৰ্কট ৰাশি (Assamese Rashifal: Karkat Rashi) : বৃহস্পতি লাভ স্থানত থকাত ফেব্ৰুৱাৰী ২০২৫মাহটোত এই ৰাশিৰ জাতক-জাতিকায়ে অতি শুভ ফল লাভ কৰিব৷ নতুন সম্পৰ্ক গঢ়লৈ উঠিব পাৰে৷ ব্যৱসায়- চাকৰী আদিত শুভফল দায়ক ৷ অবিবাহিত সকলৰ বিবাহ হ’ব পাৰে৷ বিবাহিত সকলে সাংসাৰিক সুখ লাভ কৰিব ৷ শণি কিছু অশুভ হোৱাত ছাত্ৰ-ছাত্ৰী সকল পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মূখিন হ’ব ৷ ব্যৱসায়ত কিছু বাধাৰ সন্মূখিন হ’ব পাৰে ৷ মনত ক্ৰোধ বঢ়াব আৰু স্বাস্থ্যত অনেক অশুভ প্ৰভাৱ ৰাহু, কেতু আৰু শণিয়ে পেলাব ৷ ছালৰ ৰোগ, মুত্ৰাশয়ৰ ৰোগ, খাদ্যনলীৰ ৰোগ ৰক্তজনিত ৰোগ আদিয়ে কষ্ট দিব পাৰে৷

শণি গ্ৰহ শান্তি পাঠ কৰাব৷

৫) সিংহ ৰাশি (Rashifal Assamese: Simha Rashi) : এই ৰাশিৰ জাতক-জাতিকাৰ ফেব্ৰুৱাৰী ২০২৫মাহটোত আকস্মিক ভাৱে হাড় ভাঙিব পাৰে বা দূৰ্ঘটনা হ’ব পাৰে ৷ পৰিয়ালৰ লোক সকলৰ লগত সম্পৰ্কৰ অৱনতি হ’ব পাৰে ৷ ভূমি-ঘৰ, মাতৃ আদিৰ সুখত বাধা আহিব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ হ’ব পাৰে আৰু নতুন সম্পৰ্ক স্থাপন হ’ব পাৰে৷ মন অশান্ত থাকিব তথা ক্ৰোধিত থাকিব ৷ বৃহস্পতি শুভ হোৱাত আয় বাঢ়িব আৰু নতুন ব্যৱসাৰদ্বাৰা লাভ হ’ব৷ চকু, নাক কানৰ ৰোগ হ’ব পাৰে ৷ দাম্পত্য জীৱনত কিছু অসুবিধাৰ উৎপন্ন হ’ব পাৰে৷ দূৰ ভ্ৰমণ হ’ব পাৰে ৷

ৰাহু-শণিৰ শান্তিৰ পাঠ কৰাব ৷

৬)কন্যা ৰাশি (Rashifal Assamese: Kanya Rashi) : এই ৰাশিৰ জাতক-জাতিকা সকলৰ এই মাহটোত ক্ৰোধ বাঢ়িব তথা দাম্পত্য জীৱনত বুজা-পৰা কমিব ৷ সকলো ক্ষেত্ৰতে শণিৰ প্ৰভাৱত বিজয়ী হ’ব৷ ৰোগ, ঋণ ও শত্ৰুক শণিয়ে দমন কৰিব৷ আয়ুস বৃদ্ধি হ’ব আৰু ভ্ৰমণ হ’ব ৷ অসম্পূৰ্ণ কাম বা প্ৰজেক্ট সম্পূৰ্ণ হ’ব৷ শত্ৰুৱে আপোনাৰ বশ স্বীকাৰ কৰিব ৷ধাৰ্মিক প্ৰবৃত্তি বজাই ৰাখিব ৷ মানসিক ভাৱে সবল হ’ব ৷ সন্তান আৰু শিক্ষাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব ৷

“ঔঁ হ্ৰীং ক্লীং ৰাহুৱে” ১০৮ বাৰ জপ কৰিব ৷

৭) তুলা ৰাশি  (Rashifal Assamese : Tula Rashi) : ফেব্ৰুৱাৰী মাহটোত তুলা ৰাশিৰ জাতক-জাতিকাৰ স্বাস্থ্য ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ পৰিয়ালৰ লোকৰ পাৰা সূখ লাভ কৰিব, ধন বৃদ্ধি হ’ব লগতে সুখ-সমৃদ্ধি বাঢ়িব ৷ ভূমি-ভৱনৰ সুখ বাঢ়িব ৷ শত্ৰুয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব ৷ চাকৰীৰ ক্ষেত্ৰত ৰাহুৱে কিছু বাধা উৎপন্ন কৰিব পাৰে৷ সম্পৰ্কত বিচ্ছেদো কৰিব পাৰে ৷ বিদ্যাত বৃদ্ধি কিন্তু এলাহভাৱ বাঢ়িব ৷ ১৩ ফেব্ৰুৱাৰীৰ পাছত মানসিক ভাৱে শান্তি লাভ কৰিব ৷ পৰ্টনাৰচিপ ব্যৱসায়ত অতি শুভ ফল লাভ কৰিব ৷ ভূমি কিনা-বেচাৰ পৰা প্ৰচুৰ টকা অৰ্জন কৰিব পাৰে৷

ৰাহু গ্ৰহক শান্ত কৰাৰ বাবে পতিকাৰ কৰিব ৷  

৮) বৃশ্চিক ৰাশি (Rashifal Assamese: Vrishchika Rashi) : ফেব্ৰুৱাৰী মাহটোত এই ৰাশিৰ অবিবাহিত জাতক-জাতিকাৰ বিবাহৰ যোগ আছে ৷ নতুন ব্যৱসায় আৰম্ভ হ’ব পাৰে৷ লাভ বাঢ়িব, ধাৰ্মীক সাত্তিক প্ৰবৃত্তি বাঢ়িব ৷ ভাই- ককাই তথা বন্ধুৰ লগত সু-সম্পৰ্ক স্থাপন হ’ব ৷ ছাত্ৰ-ছাত্ৰীৰ কাৰনে এই মাহটো অশুভ৷ এলাহ ভাব বাঢ়িব তথা পঢ়াত মনোযোগ কমিব ৷ ভূমি- বাহনৰ সুখ লাভ কৰিব ৷ নতুন বাহন কিনাৰ কথা ভাবিব পাৰে৷ বাহন ললে বগা ৰঙৰ ল’ব৷ অকাৰনতে মনত ভয় ভাব আহিব পাৰে৷ ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় লাভ কৰিব৷ দূৰ ভ্ৰমণ নকৰিব ৷

নাৰায়ন মন্দিৰত পায়স আগবঢ়াব ৷

৯) ধনু ৰাশি (Rashifal Assamese : Dhanu Rashi) : ফেব্ৰুৱাৰী মাহটোত এই ৰাশিৰ জাতক-জাতিকাৰ মনত ভয় ভাৱ বাঢ়িব তথা চিন্তা থাকিব৷ সম্পতি কিনা-বেচাত বাধা উৎপন্ন হ’ব ৷ চাকৰী ক্ষেত্ৰটো বাধা তথা বদলীকৰন হ’ব পাৰে৷ মান-সন্মান কমিব ও ব্যৱসায়ত বাধা আহিব পাৰে৷ আকস্মিক দূৰ্ঘটনা বা খৰছ বা লোকচান হ’ব পাৰে৷ নতুন মিত্ৰ বা ভাই-বন্ধু আদিৰ সহায় লাভ কৰিব ৷ বহু ক্ষেত্ৰত বিজয় লাভ কৰিব৷ শণিৰ অশুভ প্ৰভাৱৰ বাবে শিক্ষাৰ্থী সকল এলেহুৱা হৈ পৰিব ৷ সন্তান সম্ভবা স্ত্ৰীৰ গৰ্ভপাত হ’ব পাৰে, খৰছ অতিমাত্ৰা বাঢ়িব, সম্পূৰ্ণ হ’বলগীয়া কাম অসম্পূৰ্ণ হৈ ৰ’ব ৷ ১৩ ফেব্ৰুৱাৰীৰ পাছত ঘৰত হোৱা অশান্তি দূৰ হ’ব ৷ আঠু আৰু ছালৰ বেমাৰ হ’ব পাৰে ৷ অগ্নিদগ্ধ হ’ব পাৰে৷   

১০) মকৰ ৰাশি (Rashifal Assamese: Makara Rashi) : ফেব্ৰুৱাৰী মাহত শণি গ্ৰহৰ শুভ প্ৰভাৱত এতিয়ালৈকে হোৱা লোকচানৰ ক্ষতিপূৰণ হ’ব ৷ ধন বৃদ্ধি ও পৰিয়াল বঢ়াব, কামত সম্পূৰ্ণতা দিব কিন্তু চিন্তাও উৎপন্ন কৰিব ৷ ভূমি-বাহন ও ভৱন ৰ ক্ষেত্ৰত বাধা উৎপন্ন কৰিব আৰু লাভ কমাব ৷এই মাহত নতুন মিত্ৰ লাভ কৰিব ৷ দাম্পত্য তথা যৌথ ব্যৱসা্য়ত কাজিয়া উৎপন্ন হ’ব পাৰে৷ বৃহস্পতি পঞ্চমত থকাত অতি শুভ, ভাগ্য বৃদ্ধি হ’ব, সূখ বৃদ্ধি হ’ব ৷ বিদ্যাৰ্থীৰ শুভ ৷ নতুন চাকৰী পোৱাৰ যোগ আছে৷ পৰিয়ালৰ সৈতে কোনো পাহাৰীয়া ঠাই ভ্ৰমণ কৰিলে সু-ফল পাব ৷

১১) কুম্ভ ৰাশি (Rashifal Assamese: Kumbha Rashi) : এই ৰাশিৰ জাতক-জাতিকাৰ ফেব্ৰুৱাৰী মাহটোত মান সন্মান বৃদ্ধি হ’ব৷ কিন্তু ভাতৃ তথা পৰিয়ালৰ লোকৰ মাজত মনোমালিন্য হ’ব পাৰে৷ পিতৃৰ লগতো সমন্ধ বেয়া হ’ব পাৰে৷ কথা বতৰাত খং ভাৱ আহিব পাৰে, সেয়েহে কথা-বতৰাত মধুৰতা আনিবলৈ চেষ্টা কৰিব ৷ শণি- ৰাহুৰ বাবে চাকৰী আৰু ব্যৱসায়ত বাধা আহিব পাৰে৷ বিবাদৰ পৰা বাছি থকিব, নিজৰ ব্যৱহাৰ ভাল ৰাখিব ৷ ভ্ৰমণ এই মাহত বৰ্জন কৰক ৷

শিৱ মন্দিৰত চেনী আৰু গাখীৰ দান কৰিব৷

১২) মীন ৰাশি (Rashifal Assamese: Meena Rashi) : ৰাহু লগ্নত থকাত মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে ফেব্ৰুৱাৰী মাহটোত সকলো ক্ষেত্ৰতে বাধা আহিব পাৰে৷ বিদ্যাৰ্থী সকল পঢ়াৰ ক্ষেত্ৰত তৎপৰ হ’ব লাগিব ৷ খৰছ বাঢ়িব ৷ বৃহস্পতিৰ শুভ প্ৰভাৱত ভগ্যবৃদ্ধি, লাভবৃদ্ধি আদিৰ দৰে শুভফল লাভ কৰিব৷ ১২ ফেব্ৰুৱাৰীৰ পিছত লাভৰ পৰা বঞ্চিত হ’ব পাৰে ৷ পৰিয়ালৰ লোকৰ লগত মনোমালিন্য হ’ব পাৰে৷ বিষ্ঞু মন্দিৰত গাখীৰ, চাউল, চেনী আদি বগা বস্তু তথা বগা ফুল বৃহস্পতিবাৰে দান কৰিব ৷

যদি আপুনি অনাগত নতুন বছৰটি অৰ্থাৎ ২০২৫ চনৰ আপোনাৰ ৰাশিফল অসমীয়াত (rashifal 2025 in assamese/ rasihifal assamese) জানিব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক৷

Disclaimer: এই ভৱিষ্যতবাণীসমূহ সাধাৰণ জ্যোতিষীয় গণনাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ৷ গতিকে ব্যক্তিগত জন্ম তালিকাৰ ওপৰত ভিত্তি কৰি ব্যক্তিগত ৰাশিফল (Rashifal) বেলেগ হ’ব পাৰে। যদি আপুনি ব্যক্তিগতভৱে অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে এজন পেছাদাৰী জ্যোতিষীৰ পৰামৰ্শ লওক ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments