HomeNew UpdateRashifal Assamese | ডিচেম্বৰ ২০২৪ মাহটো আপোনাৰ কেনে যাব ?| Today Rashifal...

Rashifal Assamese | ডিচেম্বৰ ২০২৪ মাহটো আপোনাৰ কেনে যাব ?| Today Rashifal Assamese | Rashi Assamese  

“Rashifal Assamese| ডিচেম্বৰ ২০২৪ মাহটো আপোনাৰ কেনে যাব? আপোনাৰ ৰাশিচক্ৰৰ ভাগ্য, কৰ্ম, আৰ্থিক অৱস্থা আৰু প্ৰেম জীৱনৰ পৰিৱৰ্তন সম্পৰ্কে জানিবলৈ আমাৰ এই বিশেষ ৰাশিফল পঢ়ক।”

১)মেষ ৰাশি (Mesha Rashi – Rashifal Assamese) :

ৰাহু দ্বাদশ স্থানত থকাত এই ৰাশিৰ জাতক-জাতিকাৰ বাবে ডিচেম্বৰ মাহটো লোকচানদায়ী হ’ব পাৰে৷ ২য় স্থানত বৃহস্পতি থকাত ধন বৃদ্ধিৰ যোগ দেখা যায় লগতে পৰিয়াল বৃ্দ্ধি হ’ব পাৰে৷ মঙ্গল ৪ৰ্থ ত থকাত মানহানী তথা সম্পত্তিৰ ক্ষেত্ৰত বিবাদ হ’ব পাৰে৷ পদোন্নতি বা নতুন চাকৰীত যোগদানত মঙ্গলে সহায় কৰিব৷ একাদশ স্থানত শনি থকাত হঠাৎ প্ৰচুৰ অৰ্থলাভ বা ৰখি থকা কোনো ধন লাভ কৰিব পাৰে৷ বিদ্যাৰ্থীৰ এলাহ ভাৱ বাঢ়িব৷ ১৫ ডিচেম্বৰৰ লৈকে স্বাস্থ্যৰ বাবে অশুভ৷ ১ আৰু ২ অৰিখে দূৰ যাত্ৰা স্থগিত ৰাখক৷ ৩ ৰ পৰা ৮ তাৰিখলৈকে যাত্ৰা লাভকাৰী হ’ব৷ ফছি থকা কোনো ধন প্ৰাপ্তি হ’ব পাৰে৷ ডিচেম্বৰ মাহৰ ৯ আৰু ১০ তাৰিখে কোনো কামত ইনভেষ্টমেন নকৰিব৷ ১১ ৰ পৰা ১৫ ডিচেম্বৰৰ লৈকে শুভ দিন৷ ১৮ আৰু ১৯ লগতে ২৪ আৰু ২৫ ডিচেম্বৰ দিনকেইটাত আতি সাবধান হ’ব আৰু বিবাদৰ পৰা বাছি থাকিব৷ শিৱ পূজা কৰিব আৰু গাখীৰ আৰু চেনী দান কৰি৷

২) বৃষ ৰাশি (Vrishabha Rashi – Rashifal Assamese) :

বৃহস্পতি বৃষ ৰাশিত থকাত এই ৰাশিৰ জাতক-জাতিকাৰ বাবে ডিচেম্বৰ মাহটো ভাগ্য-বৃদ্ধি আৰু দাম্পত্যত শুভ ফলদায়ক হ’ব৷ বিদ্যাৰ্থীৰ শুভ, পদোন্নতিৰ যোগ৷ পত্নীৰ স্বাস্থ্যৰ ক্ষতি, সচেতন হ’ব৷ জীৱন সংগীৰ লগত মনোমালিন্য হ’ব পাৰে৷ ৰাহু একাদশ স্থানত থকাত বহু শুভফল দায়ক৷ ৰখি থকা কাম আকস্মিক ভাৱে সম্পন্ন হ’ব আৰু ধন লাভ হ’ব পাৰে৷ ১৫ ডিচেম্বৰলৈকে শুভ তাৰ পাছত স্বাস্থ্যৰ বাবে অশুভ৷ অলপ সাবধানে থাকিব৷ বিষ্ঞু মন্দিৰত পায়স অৰ্পণ কৰিব আৰু হালধীয়া ফুল দিব৷

৩) মিথুন ৰাশি (Mithun Rashi – Rashifal Assamese) :

এই মাহত মিথুন ৰাশিৰ জাতক-জাতিকাৰ ধাৰ্মিক কাৰ্য্যত আৰু সম্পত্তিত খৰছ হোৱাৰ যোগ আছে৷ স্বাস্থ্যৰ উন্নতি হ’ব৷ মঙ্গল দ্বিতীয় স্থানত থকাৰ বাবে অযথা ধন হানিৰ যোগ আছে৷ কানো ব্যক্তিৰ লগত কথা কওঁতে ভাবি-চিন্তি কব৷ পৰিয়ালৰ মাজত হাই-কাজিয়া হ’ব পাৰে ৷ ৰাহু দশম স্থানত থকাৰ বাবে কাৰ্য্যত বৃদ্ধি, পদোন্নতি আদি হ’ব পাৰে৷ ভূমি-বিবাদ হ’ব পাৰে৷ শনি ৯ম স্থানত নিজ ৰাশিত থকাৰ বাবে ভাগ্য বৃদ্ধি সহায়ক আৰু দীঘলীয়া ভ্ৰমণ হ’ব পাৰে৷ আপোনাৰ সূৰ্য্য ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে অশুভ, গতিক সাবধান হ’ব৷ বিবাদৰ পৰা সাবধান৷ ভিক্ষাৰীক তিতাঁ কেৰেলাসহ ভোজন কৰাব৷

৪) কৰ্কট ৰাশি (Karkat Rashi – Rashifal Assamese) :

একাদশ স্থানত বৃহস্পতি থকাত এই ৰাশিৰ জাতক-জাতিকাৰ বাবে ডিচেম্বৰ মাহটোত আয় বৃদ্ধি আৰু দাম্পত্যত শুভ৷ মঙ্গল কৰ্কট ৰাশিতেই বিদ্যমান হোৱাত মনত বেয়া ভাৱ আহিব পাৰে৷ যি কোনো সিদ্ধান্ত লওঁতে ভাবি-চিন্তি ল’ব৷ ৰাহু ৯ম স্থানত থকাৰ বাবে এই ৰাশিৰ জাতক-জাতিকাৰ ডিচেম্বৰ মাহটোত কামত দৌৰা-দৌৰি বেছি হ’ব আৰু পৰিণাম কম পাব৷ শনি ৮ম স্থানত থকাত ৰোগনাশ, পুৰনি ৰোগৰ পৰা মুক্তি পাব৷ পৰিয়ালত কাজিয়াৰ উৎপত্তি হ’ব পাৰে৷ ডিচেম্বৰৰ ১৫ তাৰিখৰ পাছত বিবাদ হ’ব পাৰে৷ কথা কওঁতে সাবধান হ’ব আৰু খং এৰাই চলিবলৈ চেষ্টা কৰিব৷ মা-বগলামূখী পূজা কৰিব বা পাঠ কৰিব৷

৫) সিংহ ৰাশি (Simha Rashi – Rashifal Assamese) :

ডিচেম্বৰ মাহত সিংহ ৰাশিৰ বৃহস্পতি ১০ স্থানত থকাত এই ৰাশিৰ জাতক-জাতিকাৰ কাৰ্য্যত বৃদ্ধি, নতুন সংস্থাপন, শুভ কাম আদি হ’ব পাৰে৷ ধন বৃদ্ধি আৰু সম্পত্তি লাভ হোৱাৰ যোগ আছে৷ শত্ৰুৰ লগত বুজা-বুজি হ’ব পাৰে৷ আৰ্থিক দিশত ঠগ-প্ৰবঞ্চনাৰ সন্মূখিন হ’ব পাৰে৷ মঙ্গলৰ দান দিব লাগিব৷ দাম্পত্য শুভ৷ ডিচেম্বৰৰ ১৫ তাৰিখলৈকে অশুভ যোগ আছে৷ ১৬ৰ পৰা ৩১ তাৰিখলৈকে শুভ দেখা যায়৷ বিশেষকৈ ২০ৰ পৰা ২৫ তাৰিখলৈকে অতি শুভ৷ বিদ্যাৰ্থীৰ শুভ৷ ডিচেম্বৰ মাহটো সিংহ ৰাশিৰ লোকসকলে আনৰ লগত ব্যৱহাৰ ভালে ৰাখিব৷ দেশ-বিদেশৰ ভ্ৰমণ হ’ব পাৰে ৷ চাকৰীত প্ৰমোচন আৰু আকস্মিক টকা লাভৰ যোগ আছে৷

৬)কন্যা ৰাশি (Kanya Rashi – Rashi Assamese) :

বৃহস্পতি ৯ম স্থানত থকাত এই ৰাশিৰ জাতক-জাতিকা সকলৰ ডিচেম্বৰ মাহটোত ধৰ্ম্মৰ প্ৰতি আগ্ৰহ বাহিব আৰু লগত ভাগ্য বৃদ্ধি হ’ব৷ যিকোনো লাভকাৰী যাত্ৰা হ’ব পাৰে৷ মাহটো বিদ্যাৰ্থীৰ বাবে শুভ৷ ৰাহু ৭ম স্থানত থকাৰ বাবে আপোনাৰ স্বাস্থ্যৰ ধ্যান ৰাখিব৷ ব্যৱহাৰ আৰু কথা কওঁতে সাবধান হ’ব, নহলে সম্পৰ্ক বেয়া হ’ব পাৰে৷ মঙ্গল একাদশ স্থানত থকাৰ বাবে কৰ্কট ৰাশিত লাভ দিব৷ শনি ৬থ স্থানত থকাত পুৰনা কোনো বিবাদত আপুনি জয়ী হ’ব৷ সূৰ্য্য ৪ৰ্থ স্থানত থকাৰ বাবে সদায় সূৰ্য্যক অৰ্ঘ দিব৷ নতুন কোনো ব্যৱসায় আৰম্ভ হ’ব পাৰে৷ দীঘলীয়া ভ্ৰমণ হ’ব পাৰে৷ আকস্মিকভৱে ধন হাতলৈ আহিব পাৰে৷ শিৱ লিঙ্গত জল অভিশেষ কৰক৷ বগা বস্তু দান কৰিব লাগিব৷

৭) তুলা ৰাশি  (Tula Rashi – Rashi Assamese) :

ডিচেম্বৰ মাহটো তুলা ৰাশিৰ কাৰনে আৰ্থিক দিশত শুভ৷ বিদ্যাত শুভ৷ সাক্ষাৎকাৰত সফলতা পাব৷ শনি গ্ৰহৰ অশুভ প্ৰভাৱৰ বাবে পৰিয়ালৰ মাজত মতভেদ হোৱাৰ সম্ভাৱনা আছে৷ বিবাদত জয় লাভৰ যোগ আছে ৷ ব্যৱসায় আৰু চাকৰীত এই মাহটোত উত্থান-পতন দয়োটাই আহিব৷ চাকৰীয়াল লোকে কিবা অসুবিধাৰ সন্মূখীন হ’ব পাৰে৷ এই মাহটোত তুলা ৰাশিৰ জাতক-জাতিকাৰ পৰাক্ৰম বাহিব৷ ডিচেম্বৰ মাহৰ ১ ৰ পাৰা ৪ তাৰিখলৈ আৰু ২৪ ৰ পৰা ৩১ তাৰিখলৈকে তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ ৷ ৫ আৰু ৬ তাৰিখে কামত বিলম্ব হ’ব পাৰে৷ ৯ আৰু ১০ ডিচেম্বৰ তাৰিখে বিবাদৰ পৰা বাছি থাকিব৷ এই মাহটোত দীঘলীয়া ভ্ৰমণ হ’ব পাৰে৷ ৰাহুৰ দান দিব লাগিব৷

৮) বৃশ্চিক ৰাশি (Vrishchika Rashi – Rashi Assamese) :

বৃহস্পতি ৭ম স্থানত থকাত এই ৰাশিৰ অবিবাহিত জাতক-জাতিকাৰ বাবে ডিচেম্বৰ মাহটোত বিবাহৰ কথা চলিব পাৰে৷ দাম্পত্যত শুভ৷ বিদ্যা গ্ৰহণত শুভ৷ সৎ মিত্ৰ লাভ কৰিব৷ শনি ৪ৰ্থ ত থকাত এই মাহত সম্পত্তি বা বাহন কিনিব পাৰে৷ ব্যৱসায়ত এই মাহত উত্থান-পতন হ’ব পাৰে৷ ৰাহু ৫ম স্থানত থকাত বিদ্যাত কিছু বাধা আৰু সাক্ষাৎকাৰত কিছু বাধা আহিব পাৰে৷ যাত্ৰা হ’ব কিন্তু সকলো কাম সিদ্ধি নহব৷ মঙ্গল আৰু ৰাহুৰ দান দিব৷

৯) ধনু ৰাশি (Dhanu Rashi – Rashi Assamese) :

বৃহস্পতি ৬থ স্থানত থকাৰ বাবে এই ৰাশিৰ জাতক-জাতিকাৰ বাবে ডিচেম্বৰ মাহটোত কৰ্ট কেছ বা পাৰিবাৰিক বিবাদ হ’ব পাৰে৷ শুভ কামত এই মাহত খৰচ বাঢ়িব৷ ৰাহু ৪ৰ্থ স্থানত  থকাত চিন্তা বাঢ়িব আৰু কিছুমান কামৰ বাবে মান-সন্মানত ক্ষতি হ’ব পাৰে৷ ব্যৱসায় আৰু চাকৰীত এই মাহত উত্থান-পতন দেখা যায়৷ শনি একাদশ স্থানত থকাত যিকোনো বিবাদত জয় আৰু লাভ হ’ব৷ বিদ্যাৰ্থীৰ এলাহ ভাৱ আহিব৷ মঙ্গল ৮ম স্থানত থকাত দূৰ্ঘটনা হ’ব পাৰে৷ ডিচেম্বৰৰ ২১ তাৰিখলৈকে সাৱধানে থাকিব৷ মহামৃৰ্ত্যুঞ্জয় কবছ পাঠ কৰিব৷

১০) মকৰ ৰাশি (Makara Rashi – Rashi Assamese) :

ডিচেম্বৰ মাহত মকৰ ৰাশিত বৃহস্পতি পঞ্চমত থকাৰ বাবে মকৰ ৰাশিৰ জাতক-জাতিকাৰ চাকৰি লাভৰ যোগ আৰু ইন্টাৰভিও(intervew)শুভ হোৱা দেখা যায়৷ সন্তানৰ শুভ৷ এই মাহত ধাৰ্মিক যাত্ৰা হ’ব পাৰে৷ আৰ্থিক লাভ আৰু মন প্ৰসন্ন থাকিব৷ ৰাহু তৃতীয় স্থানত থকাত এই মাহত মকৰ ৰাশিৰ জাতক-জাতিকাই পৰাক্ৰমৰ জৰিয়তে সফলতা লাভ কৰিব৷ দাম্পত্য জীৱনত কিছু অসুবিধাৰ সন্মূখিন হ’ব পাৰে৷ কিন্তু নিজে তাৰ সমাধান উলিয়াই ল’ব লাগিব৷ এই মাহত মকৰ ৰাশিৰ জাতক-জাতিকা সকলৰ যাত্ৰা হ’ব পাৰে৷ পৰিয়াল কুটুম্বৰ লগত শুভ৷ ভূমি বিবাদ হ’ব পাৰে, পতি-পত্নীৰ মাজত সৰু কথাই ডাঙৰ বিবাদ সৃষ্টি কৰিব পাৰে৷ সেয়েহে শান্ত হৈ থাকবলৈ যত্ন কৰিব৷ ১৫ৰ পাৰা ৩১ ডিচেম্বৰৰ লৈ খৰচৰ মাত্ৰা বাহিব পাৰে৷ এই মাহত মকৰ ৰাশিৰ জাতক-জাতিকা সকলে কাৰোবাৰ লগত কথা পাতোতে সাৱধানতা অবলম্বন কৰিব৷ এই মাহত আকস্মিক লাভৰ যোগ আছে৷

১১) কুম্ভ ৰাশি (Kumbha Rashi – Rashi Assamese) :

শনি নিজ ৰাশিতে বিদ্যমান হোৱাৰ বাবে এই ৰাশিৰ জাতক-জাতিকাৰ বাবে ডিচেম্বৰ মাহটো ঐশ্বৰ্য্য, মান-সন্মান, ভাগ্য বৃদ্ধি হোৱাৰ যোগ আছে৷ কিন্তু দাম্পত্য জীৱন আৰু ভাই-ককাই তথা বন্ধু-বান্ধৱৰ মাজত বিবাদ হোৱাৰ সম্ভাৱনা আছে৷ চাকৰী বা ব্যৱসায়ত উত্থান-পতনৰ যোগ আছে৷ ৰাহু ২য় স্থানত থকাত এই ৰাশিৰ জাতক-জাতিকাই আনৰ লগত কথা কওঁতে চাই-চিতি পাতিব, নহলে সমন্ধ বেয়া হ’ব পাৰে৷ বৃহস্পতি ৪ৰ্থ স্থানত থকাৰ বাবে যশস্যা-মান-সন্মান বৃদ্ধি কৰিব৷ মঙ্গল ৬ত স্থানত থকাৰ বাবে কাৰোবাৰ যদি ক’ৰ্ট কেছ আদি আছে তেন্তে সেইয়া সমাধান হ’ব বা জয়ী হ’ব৷ শিৱ ধ্যান কৰিব আৰু গাখীৰ দান কৰিব৷

১২) মীন ৰাশি (Meena Rashi – Rashi Assamese) :

মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে ডিচেম্বৰ মাহটো ভাই-ককাই, বন্ধু-বান্ধৱ আদিৰ লগত সম্পৰ্ক ভালে ৰাখিবৰ বাবে চেষ্টা কৰিব৷ ধনৰ আগমন হ’ব, খৰছ কৰোতে চাই-চিতি কৰিব, অন্যথা লোন ল’ব লগা হ’ব পাৰে৷ দাম্পত্যত অশুভ আৰু পত্নীৰ স্বাস্থ্য হানি হোৱা সম্ভাৱনা আছে৷ মাইকী মানুহৰ গৰ্ভপাত হোৱাৰ সম্ভাৱনা আছে৷ ডিচেম্বৰৰ ২১ তাৰিখৰ পিছত মীন ৰাশিৰ জাতক- জাতিকাৰ বাবে শুভ৷ এই মাহটোত যাত্ৰা হ’ব পাৰে আৰু এই যাত্ৰা লাভদায়ক হ’ব৷ ৭ আৰু ৮ ডিচেম্বৰত অলপ সতৰ্ক থাকিব৷ মঙ্গলৰ দান দিব৷

যদি আপুনি অনাগত নতুন বছৰটি অৰ্থাৎ ২০২৫ চনৰ অপোনাৰ ৰাশিফল অসমীয়াত (Rashifal 2025 in Assamese) জানিব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক ৷

Disclaimer: এই ভৱিষ্যদ্বাণীসমূহ সাধাৰণ জ্যোতিষীয় গণনাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ৷ গতিকে ব্যক্তিগত জন্ম তালিকাৰ ওপৰত ভিত্তি কৰি ব্যক্তিগত ৰাশিফল (Rashifal) বেলেগ হ’ব পাৰে। যদি আপুনি ব্যক্তিগতভৱে অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে এজন পেছাদাৰী জ্যোতিষীৰ পৰামৰ্শ লওক ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments