HomeUncategorizedAsomiya Rashifal / জানুৱাৰী ২০২৫ মাহটো আপোনাৰ কেনে যাব ? January 2025...

Asomiya Rashifal / জানুৱাৰী ২০২৫ মাহটো আপোনাৰ কেনে যাব ? January 2025 Assamese Rashifal /

Asomiya Rashifal / জানুৱাৰী ২০২৫ মাহটো আপোনাৰ কেনে যাব ? 2025 Assamese Rashifal /

১)মেষ ৰাশি (Mesha Rashi / Asomiya Rashifal) :

বৃহস্পতি দ্বিতীয় স্থানত থকাত এই ৰাশিৰ জাতক-জাতিকাৰ বাবে জানুৱাৰী মাহটো আৰ্থিক আৰু সাংসাৰিক দিশত অতি শুভ ৷ মাৰ্চ মাহৰ পিছত শণি একাদশ স্থানত আৰু ৰাহু দ্বাদশ স্থানত অৱস্থান কৰাৰ বাবে খৰচ কিছু বাঢ়িব ৷ কোনো লোকে অকাৰণতে আপোনাক অসুবিধাত পেলাবলৈ চেষ্টা কৰিব, তাৰ বাবে সৰ্তকহৈ থাকিব ৷এই মাহটোত আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব ৷ ৰক্ত জনিত কোনো ৰোগে আপোনাক আমনি দিব পাৰে ৷ এই মাহটোত আপোনাৰ সূখ সুবিধা বাঢ়িব ৷ যদি আপোনাৰ কোনো ক’ট কেছ বা পুলিচ কেছ আছে, তেন্তে তেনে কেছত আপুনি বিজয়ী হোৱাৰ সম্ভাৱনা আছে ৷চাকৰি লাভৰ যোগ আছে ৷ নতুন ব্যৱসাৰ যোগ আছে৷ মঙ্গলৰ কাৰনে সম্পত্তি সমন্ধীয় বিবাদ আৰু বাহনৰ পৰা খৰছ হোৱাৰ যোগ আছে ৷ এই মাহটো এই ৰাশিৰ জাতক-জাতিকাৰ বাবে বিদ্যাত শুভ ৷ দাম্পত্য জীৱনত অতি শুভ ৷ জানুৱাৰী মাহত ভাগ্য স্থানত সূৰ্য্য থকাত, এই ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য সূৰ্য্যৰ দৰে উজ্জ্বলিব ৷ স্বাস্থ্যৰ যত্ন ল’ব ৷

গাখীৰ আৰু চাউল দান কৰিব ৷

২) বৃষ ৰাশি (Vrishabha Rashi / Asomiya Rashifal) :

বৃহস্পতিৰ শুভ প্ৰভাৱৰ বাবে এই ৰাশিৰ জাতক-জাতিকাৰ জানুৱাৰী মাহটোত স্বাস্থ্য ভালে থাকিব৷ দাম্পত্যত সহায় আৰু সুখ লাভ কৰিব ৷ গৰ্ভৱতি মহিলাই সন্তানৰ সুখ পাব৷ বন্ধুৰ লগত মনোমালিন্য হ’ব পাৰে ৷ মাতৃৰ স্বাস্থ্য শুভ নাযাব ৷ সম্পত্তি সমন্ধীয় কোনো বিবাদ হ’ব পাৰে ৷ বিদ্যাৰ্থিয়ে পঢ়া-শুনাত বিশেষ মনোযোগ দিব লাগিব ৷শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব ৷ পত্নীৰ লগত মনোমলিন্য হ’ব পাৰে ৷ চাকৰি লাভ লগতে প্ৰমোচনৰ যোগ আছে ৷ আয় বাঢ়িব ৷ সৎ পথেৰে আয় কৰাত শুৰুত্ব দিব ৷

সৰু লৰা-ছোৱালীক জ্বলা-মিঠা বস্তু খোৱাব লগতে সেউজীয়া ৰোমাল দান দিব ৷

৩) মিথুন ৰাশি (Mithun Rashi / Asomiya Rashifal) :

বৃহস্পতি দ্বাদশ স্থানত থকাত মিথুন ৰাশিৰ জাতক-জাতিকাৰ ধাৰ্মিক কাৰ্য্যত খৰছ হোৱাৰ যোগ আছে৷ বিদ্যাৰ্থীৰ বাবে অতি শুভ৷ বিবাহৰ যোগ আছে ৷ শণি ৯ম স্থানত থকাত ভাগ্য বৃদ্ধি ও পদোন্নতিৰ যোগ আছে ৷ ৰাহু ১০ম স্থানত থকাত এই মাহত উত্থান-পতন থাকিব, আকস্মিক লাভ হ’ব, কিন্তু বিদ্যাৰ্থীৰ এলাহ ভাৱ বাঢ়িব৷ স্বাস্থ্য ভালে যাব৷ পৰিয়ালৰ কোনো সদস্যৰ লগত কাজিয়া হ’ব পাৰে৷ কৰ্ম্ম স্থানত বুধাদিত্য যোগ আৰু ৰাজযোগ সুচিত হৈছে ৷দাম্পত্যত শুভ ৷পত্নীৰ স্বাস্থ্যৰ যত্ন লওঁক ৷ ভাগ্য বৃদ্ধি হ’ব ৷ আয় আৰু ব্যয় সমান হ’ব৷

কোনো ভিক্ষাৰীক তিতাঁ কেৰেলা দান দিব৷

৪) কৰ্কট ৰাশি (Karkat Rashi / Asomiya Rashifal) :

একাদশ স্থানত বৃহস্পতি থকাত এই ৰাশিৰ জাতক-জাতিকাই জানুৱাৰী মাহটোত সন্তানৰ সুখ তথা বৈবাহিক সুখ লাভ কৰিব ৷ খৰচ বাঢ়িব ৷ ধাৰ্মিক ও নিৰ্মান কাৰ্য্যত খৰচ হ’ব৷ শণি ৮ম স্থানত আৰু ৰাহু মীন ৰাশিত ৯ম স্থানত থকাত ভাগ্য বৃদ্ধি হ’ব আৰু ভ্ৰমণ বাঢ়িব ৷সাহিত্য- সংগীত আদিত ৰুছি বাঢ়িব ৷ নতুন দ্বায়িত্ব লাভ কৰিব৷ কাৰোৰে পৰা সহায় আশা নকৰিব ৷ স্থানান্তৰণ হ’ব পাৰে আৰু স্থানান্তৰণ লাভদায়ক হ’ব ৷ মামলা মোকদৰ্মাত জড়িত হ’ব পাৰে গতিকে সাবধানে থাকিব ৷জীৱনলৈ সুখ আহিব৷ চাকৰিয়ালৰ শুভ ৷ পৰিয়ালৰ লগত দুৰ ভ্ৰমণৰ পৰিকল্পনা হ’ব পাৰে ৷ সমাজত আপোনাৰ মৰ্য্যদা বাঢ়িব ৷ কোনো ফচি থকা ধন প্ৰাপ্তি হ’ব৷ স্বাস্থ্যৰ প্ৰতি সচেতন থাকিব৷ জ্যোতিষক বগা বস্ত্ৰ বা বগা মিঠাই দান কৰিব ৷

৫) সিংহ ৰাশি (Simha Rashi / Asomiya Rashifal) :

অধিপতি গ্ৰহ ৰবি হোৱাত এই মাহত আপোনাৰ সকলোৰে ওপৰত অধিপত্য থাকিব৷ বৃহস্পতি দশমত থকাত মাটি বাৰীৰ ক্ষেত্ৰত সুখ পাব ৷পদোন্নতি হ’ব পাৰে ৷ বৃহস্পতিৰ শুভ প্ৰভাৱত এই মাহত আপোনাৰ শত্ৰুৰ লগত আপোচ হ’ব ৷ ৰাহু ৮ ম স্থানত থকাত আকস্মিক দূৰ্ঘটনা হ’ব পাৰে৷ ১৮ মে লৈকে সাবধানে থাকিব ৷ শণি ৭ ম স্থানত থকাত নতুন সম্পৰ্ক স্থাপন হ’ব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ হ’ব পাৰে ৷ খং ভাৱ এৰাই চলিব৷ এই মাহত আপুনি বহুত উচ্চাকাংশী হৈ পৰিব৷ অচিনাকী মানুহক বিশ্বাস নকৰিব নহলে প্ৰবঞ্চিত হ’ব পাৰে৷ নতুন কাৰ্য্যত সফল হ’ব৷ সম্পত্তি বিক্ৰীৰদ্বাৰা লাভাম্বিত হ’ব পাৰে৷ আমোদ-প্ৰমোদত সময় যাব৷

ৰাহুৰ দান দিব৷ ৰাহুৰ জপ কৰিব ৷

৬)কন্যা ৰাশি (Kanya Rashi / Asomiya Rashifal) :

এই ৰাশিৰ জাতক-জাতিকা সকলৰ জানুৱাৰী মাহটো স্বাস্থ্য বাবে শুভ৷ এই মাহটোত আপোনাৰ ৰাজযোগ সূচিত হৈছে ৷ আপোনাৰ ঘৰত কোনো শুভ কৰ্ম এই মাহত সম্পন্ন হোৱাৰ সম্ভাৱনা আছে ৷ লগতে বিদেশৰ পৰা কোনো লোকৰ আপোনাৰ ঘৰলৈ আগমন হ’ব পাৰে, যিয়ে আপোনাৰ সূখ বৃদ্ধি কৰিব ৷ বিদ্যাৰ্থীৰ শুভ৷ এই মাহটোত আপোনাৰ ভাগ্য বৃদ্ধি হ’ব ৷ নতুন চাকৰীৰ অফাৰ পাব পাৰে ৷ ব্যৱসায়ৰ পৰা ধন লাভৰ যোগ আছে ৷ পদোন্নতি হ’ব পাৰে ৷ মঙ্গলৰ কাৰনে অনৈতিক ফালৰ পৰা ধন লাভ হ’ব ৷ শ্বেয়াৰ মৰ্কেট আদিত ধন বিনিয়োগ নকৰিব, অন্যথা লোকচান হ’ব পাৰে ৷ ভিক্ষাৰীক তিতাঁ কেৰেলাসহ ভোজন কৰাব ৷

৭) তুলা ৰাশি  (Tula Rashi / Asomiya Rashifal) :

জানুৱাৰী মাহটোত তুলা ৰাশিৰ জাতক-জাতিকাৰ স্বাস্থ্য ভাল থাকিব ৷ মন উৎফুল্লিত হৈ থাকিব ৷ এই মাহটোত তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে ৰাজযোগ সূচিত হৈছে ৷ কোনো ডাঙৰ কাম সম্পন্ন হ’ব পাৰে ৷ধনৰ ফালৰ পৰা প্ৰৱঞ্চিত হ’ব পাৰে, সাবধানে থাকিব ৷নতুন বাহন বা কোনো সম্পদ ক্ৰয় কৰিব পাৰে৷ বিদ্যাৰ্থীয়ে শুভ পৰিণাম পাব ৷ৰাহু ৬থ স্থানত থকাত ৰোগ, ঋণ, মামলা-মোৰ্কদমা আদি কমিব ৷ ভাগ্য অতি শুভ৷ কৰ্ম বা ব্যৱসায়ত কোনো লোকে ষড়যন্ত্ৰমূলক ভাৱে ক্ষতি কৰিবলৈ চেষ্টা কৰিব৷ আয় ভাল হ’ব ৷ ধাৰ্মিক কামত ধন খৰচ হ’ব ৷

মঙ্গলৰ দান দিব ৷  

৮) বৃশ্চিক ৰাশি (Vrishchika Rashi / Asomiya Rashifal) :

বৃহস্পতি ৭ম স্থানত থকাত এই ৰাশিৰ জাতক-জাতিকাৰ জানুৱাৰী মাহত নতুন ব্যৱসায়, নতুন মিত্ৰ, নতুন সম্পৰ্ক আৰু নতুন কোনো আয়ৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে ৷ নতুন কোনো কৰ্ম এই মাহটোত মঙ্গলবাৰে কৰিব আৰু ৯/ ১৮/ ২৭ তাৰিখে আৰম্ভ কৰিলে শুভ ফল লাভ কৰিব ৷ যৌথ ব্যৱসায়  (Partnership Business) ত লাভ তথা শুভ ফল পাব ৷ ৰাহুৰ কাৰনে পেটৰ ৰোগ, মনোযোগ হ্ৰাস, মনলৈ বেয়া ভাব আহিব ৷ জানুৱাৰী মাহত অনাবশ্যক খৰচ হ’ব৷ ৰোগ, ঋণ আদিৰ পৰা মুক্তি লাভ কৰিব৷ কৰ্তব্যৰ প্ৰতি সচেতন থাকিব ৷ ধন প্ৰাপ্তি হ’ব৷ ক’ৰ্ট কেছত জয়ী হ’ব৷ মন আধ্যাত্মিকতাৰ দিশে গতি কৰিব ৷ উচ্চ আধিকাৰী বৰ্গৰ সৈতে মধুৰ সম্পৰ্ক সৃষ্টি হ’ব৷ সামাজিক মৰ্য্যদা বাঢ়িব ৷

ৰাহুৰ দান দিব৷ ৰাহুৰ কবছ পাঠ

৯) ধনু ৰাশি (Dhanu Rashi / January 2025 Assamese Rashifal) :

বৃহস্পতি ৬থ স্থানত থকাৰ বাবে এই ৰাশিৰ জাতক-জাতিকা এ জানুৱাৰী মাহটোত মধ্যমীয়া ফল লাভ কৰিব ৷ মাৰ্চ মাহৰ পিছত বৃহস্পতি ৭ম স্থানলৈ গতি কৰিব ৷ ফলত মাৰ্চ মাহৰ পৰা এই মাহৰ জাতক-জাতিকাই আতি শুভ ফল লাভ কৰিব৷ ৰাহু ৪থ স্থানত থকাত মন অশান্ত থাকিব, ব্যৱসায়ত লোকচান, স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে ৷ ১৯ মেৰ পাছৰ পৰা শুভ ফল লাভ কৰিব৷ বিবাহিত জীৱনত অশান্তি সৃষ্টি হ’ব পাৰে৷ যৌথ ব্যৱসায় (Partnership Business)ত পাৰ্টনাৰৰ লগত মনোমালিন্য হ’ব পাৰে৷ শণি অশুভ হোৱাৰ বাবে এই মাহটোত মান-সন্মানৰ ক্ষতি, ব্যৱসায়-চাকৰি আদিত অশুভ ফল পাব পাৰে৷  কৰ্ট কেছ বা পাৰিবাৰিক বিবাদ হ’ব পাৰে৷ শুভ কামত এই মাহত খৰচ বাঢ়িব ৷ ৰাহু ৪ৰ্থ স্থানত  থকাত চিন্তা বাঢ়িব আৰু কিছুমান কামৰ বাবে মান-সন্মানত ক্ষতি হ’ব পাৰে৷ ব্যৱসায় আৰু চাকৰিত অশুভ ফল লাভ কৰিব পাৰে৷ চাকৰিত দণ্ডমূলক বদলি হ’ব পাৰে ৷ সহপাঠিৰ সহযোগ নাপাব ৷ বিদ্যাত শুভ যদিও স্বাস্থ্যজনীত কাৰনত বিদ্যাত বাধা দেখা যায়৷ দূৰ্ঘটনা, ৰক্তক্ষয়, ফ্ৰেকচাৰ আদি হোৱাৰ সম্ভাৱনা আছে৷

শণি আৰু সূৰ্য্যৰ দান কৰিব ৷

১০) মকৰ ৰাশি (Makara Rashi / January 2025 Assamese Rashifal) :

জানুৱাৰী মাহত স্বাস্থ্য আৰু ধনৰ অধিপতি শণি নিজ গৃহত থকাত মকৰ ৰাশিৰ জাতক-জাতিকাৰ এই মাহটোত স্বাস্থ্য, ব্যৱসায়, চাকৰি আদিত শুভফল লাভ কৰিব ৷ সম্পদ, বাহন, মাতৃৰ শৰীৰ আদিৰ বাবে কিছু অশুভ ফল পাব ৷ শত্ৰুনাশ হ’ব আৰু ঋণ আদি লাহে লাহে কমিব ৷ দৈনিক আয় বাঢ়িব ৷ পৰিয়ালৰ লগত বাহিৰলৈ ফুৰিবলৈ যাব পাৰে৷ এলাহ ভাব ত্যাগ কৰিবলৈ চেষ্টা কৰিব অথবা বহুত ডাঙৰ লাভৰ পৰা বঞ্চিত হ’ব পাৰে৷

মঙ্গল আৰু শুক্ৰৰ দান দিব

১১) কুম্ভ ৰাশি (Kumbha Rashi / January 2025 Assamese Rashifal) :

এই ৰাশিৰ জাতক-জাতিকাৰ বাবে জানুৱাৰী মাহটো স্বাস্থ্যৰ বাবে অতি শুভ ৷ এই মাহত মান, প্ৰতিস্থা, সন্মান আদি লাভ কৰিব৷ ধনৰ বাবে মাহটো শুভ ৷ পৰিয়াল-কুটুম্বৰ বাবে শুভ৷ পৰাক্ৰম-যশ বাঢ়িব ৷ মিত্ৰ বা ভাতৃৰ লগত মনোমালিন্য হ’ব পাৰে৷ নতুন কোনো সম্পদ বা বাহন আদি ক্ৰ্য় কৰিব পাৰে৷ বিদ্যাৰ্থী আৰু নিবনুৱাৰ বাবে অতি শুভ মাহ ৷ প্ৰতিযোগীতামূলক পৰীক্ষাত উৰ্ত্তিন্ন হোৱাৰ সম্ভাৱনা আছে ৷ নতুন চাকৰি লাভ কৰিব পাৰে ৷শত্ৰুৰ ওপৰত জয়লাভ হ’ব৷ ঋণ কমিব ৷ মামলা-মোকৰ্দমা আদিত জয়ী হ’ব৷ ভাগ্যস্থানত শুক্ৰ আৰু শণি মিলনে ৰাজযোগৰ সূচনা কৰিছে ৷বিশেষ পদ প্ৰাপ্তি, বিশেষ লাভ আদিৰ যোগ আছে ৷ বগলামূখী কবছ পাঠ কৰিব৷

১২) মীন ৰাশি (Meena Rashi / January 2025 Assamese Rashifal) :

মীন ৰাশিৰ জাতক-জাতিকাৰ বাবে জানুৱাৰী মাহটো স্বাস্থ্যৰ বাবে শুভ৷ আপোনাৰ আনৰ প্ৰতি ব্যৱহাৰ আদিত বিশেষ সতৰ্ক হৈ থাকিব, ৰাহুৰ অশুভ প্ৰভাৱৰ বাবে আপোনাৰ মনলৈ ঋণাত্মক চিন্তা বা ভাৱ আহিব পাৰে ৷ যশ, প্ৰতিস্থা, বাহন আদিত শুভ ৷ মাতৃৰ বাবে শুভ মাহ৷ বিদ্যাৰ্থী, নিবনুৱাৰ বাবে এই মাহটো কিছু অশুভ ফল দায়ক হ’ব পাৰে৷ শত্ৰু, ৰোগৰ ওপৰত বিজয় প্ৰাপ্তীৰ যোগ আছে৷ ঋণ কমিব ৷ যৌথ ব্যৱসায়ত মনোমালিন্য হ’ব পাৰে ৷ পত্নীৰ লগত বিবাদ হ’ব পাৰে৷ ভাগ্যত মিশ্ৰিত ফল লাভ কৰিব ৷ ব্যৱসায়ত উন্নতি আৰু চাকৰিয়ালৰ পদোন্নতিৰ যোগ আছে৷ সঞ্চিত ধন খৰছ হ’ব পাৰে ৷ মঙ্গলৰ দান দিব ৷

যদি আপুনি অনাগত নতুন বছৰটি অৰ্থাৎ ২০২৫ চনৰ আপোনাৰ ৰাশিফল অসমীয়াত (rashifal 2025 in assamese/ rasihifal assamese) জানিব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক৷

Disclaimer: এই ভৱিষ্যতবাণীসমূহ সাধাৰণ জ্যোতিষীয় গণনাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ৷ গতিকে ব্যক্তিগত জন্ম তালিকাৰ ওপৰত ভিত্তি কৰি ব্যক্তিগত ৰাশিফল (Rashifal) বেলেগ হ’ব পাৰে। যদি আপুনি ব্যক্তিগতভৱে অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে এজন পেছাদাৰী জ্যোতিষীৰ পৰামৰ্শ লওক ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments