HomeNew UpdateAssamese Stories | ক'ৰনাও আনে যেতিয়া শান্তিৰ বতৰা...

Assamese Stories | ক’ৰনাও আনে যেতিয়া শান্তিৰ বতৰা…

অসমীয়া চুটি গল্প সম্ভাৰৰ আমাৰ এই “Assamese Stories” শিতানৰ আন এক হৃদয়স্পৰ্শী গল্প “ক’ৰনাও আনে যেতিয়া শান্তিৰ বতৰা….” পাঠক ৰাইজলৈ আগবঢ়ালো….

ঘৰৰ কাম কেইটা খৰধৰকৈ শেষ কৰি ওলাই আহিলো | অলপ দেৰিয়ে হ’ল চেঃ …শ্যামলী ৰৈ আছে চাগৈ !

শ্যামলী ৰ ঘৰৰ পদূলিত ৰৈ চিঞৰি দিলো ” এই শ্যামলী আহ মই আহিলো” |

শ্যামলীয়ে হাতত ঝাৰুটো লৈ ওলাই আহিল | মই আচৰিত হৈ গলো… “তোক কালি কিমান বাৰ ক’লো সাত বজাত ওলাই থাকিব…এতিয়াও ওলোৱা নাই, ক’ত পাবিগৈ ভেকচিন? “

“তই যা চম্পা ! মই ভেকচিন নলও ” ?

” পাগল নেকি তই, পৃথিৱীৰ সকলো মানুহ ভেকচিন ল’বলৈ দৌৰি ফুৰিছে, তই আক ঘৰৰ ওচৰতে পাইও ভেকচিন ল’ব নাযাও, ক’ৰনালৈ ভয় নাই তোৰ হা ? “

“নহয় অ চম্পা ক’ৰনালৈ মোৰো ভয় লাগে!  কিন্তু কিবা এটা ভাবিহে নলও বুলি কৈছো. মোৰ ক’ৰনা হোৱাটো বিচাৰিছো অ !! “

” কি???? পাগল নেকি তই. ..কি কাৰনে তই ক’ৰনা হোৱাটো বিচাৰ মোকো কচোন…মই ও শুনো “

” মানে তইটো সকলো গম পাও মোৰ মানুহটোৱে ৰাতি ম’দ খাই আহি মোক কিমান মাৰপিট কৰে!!!  যদি মোৰ ক’ৰনা হয় চৰকাৰে মোক দহ -পোন্ধৰ দিন মানুহৰ সংৰ্স্পশ নোহোৱাকৈ বেলেগকৈ ৰাখিব.. সেই কেইদিন মই অন্ততঃ মানুহটোৰ মাৰ নোখোৱাকৈ শান্তিৰে থাকিব পাৰিম অ !!! “

শ্যামলী ৰ কথাখিনি শুনি মই একেথৰে তাইলৈ চাই থাকিলো… অন্তৰখনত  খুন্দামাৰি ধৰিলে.. .চকুকেইটা সেমেকি উঠিল.. .কব নোৱাৰাকৈ ইমান দিনে ভয় কৰি থকা ক’ৰনালৈ হঠাৎ মৰম উপচি গ’ল.. আপোনা আপুনি মূখৰ পৰা ওলাই আহিল.. .ক’ৰনা ও আনিব পাৰে শান্তিৰ বতৰা….

লগতে পঢ়ক :

আশাকৰোঁ, “ক’ৰনাও আনে যেতিয়া শান্তিৰ বতৰা…” গল্পটোৱে আপোনাক মুগ্ধ কৰিছে। এনেধৰণৰ অসমীয়া গল্পৰ বাবে আমাৰ ৱেবছাইটত নিয়মিত ভিজিট কৰক | Assamese Stories .

Copy right reserved with the author .

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments