HomeLifestyleBeauty TipsHealth Tips Assamese |৫৬ বছৰতো ২৬ বছৰীয়া ছোৱালীৰ দৰে সুন্দৰী ! এয়া...

Health Tips Assamese |৫৬ বছৰতো ২৬ বছৰীয়া ছোৱালীৰ দৰে সুন্দৰী ! এয়া জানো সম্ভৱ ? ৷ How to look younger naturally ?|

Health Tips Assamese | ৫৬ বছৰ বয়সটো ২৬ বছৰীয়া এজনী ছোৱালীৰ দৰে সুন্দৰী হৈ থাকিব বিছাৰে নেকি? এয়া জানো সম্ভৱ ? সকলো বিচাৰি পাব এই প্ৰতিবেদনত ৷

এতিয়া বিয়াৰ বতৰ আৰু ছ’চিয়েল মিডিয়াতো এতিয়া বিয়াৰ বিভিন্ন ফটোএ ভুমুকি মাৰিছে৷ তাৰ মাজতেই ভাইৰেল হৈ পৰিল এখন বিশেষ ফটো, যি ফটো দেখি সকলো আচৰিত হৈ কৈ পেলালে- “এইয়া জানো সম্ভৱ” ? এগৰাকী ৫৬ বছৰীয়া মহিলা, মহিলা গৰাকী দ’ৰাৰ মাক ৷ পুত্ৰৰ বিয়াত কইনাৰ সৌন্দৰ্যতকৈ মাতৃৰ সৌন্দৰ্য্যৰ বিষয়ে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিলে৷ ৫৬ বছৰ বয়সৰ এগৰাকী মহিলা নে ২৬ বছৰীয়া মোহময়ী এজনী ছোৱালী ? যাৰ সৌন্দৰ্য্য দেখি সকলো আচৰিত ৷ চাদৰ-মেখেলাত কোন শাহুৱেক আৰু কোন বোৱাৰী ধৰিবয়ে নোৱাৰি ৷

এই গৰাকী মহিলা হ’ল আমাৰ অসমৰে অৰুনিমা দত্ত, যি এগৰাকী যোগ প্ৰশিক্ষক আৰু যিয়ে ২০০৪ চনত লাভ কৰিছিল মিচেছ ইণ্ডিয়া ৱৰ্ল্ড ৰানাৰ্ছ আপ খিতাপ । ৫৬ বছৰতকৈও অধিক বয়সৰ এইগৰাকী মহিলায়ে ইনষ্টাগ্ৰামত তেওঁৰ পুত্ৰৰ বিয়াৰ ফটো শ্বেয়াৰ কৰাৰ পিছৰে পৰা তেওঁৰ সৌন্দৰ্য্য আৰু ফিটনেছক লৈ সকলো আচৰিত হৈ পৰিছে। প্ৰথমে আপোনালোকলৈ আগবঢ়ালো তেওঁৰ কেইখনমান ফটো যিসমূহ ফটো চাই আপোনালোকেও এগৰাকী গৃহিণী হিচাপে তেওঁৰ প্ৰশংসা কৰাত নিজকে বাধা দিব নোৱাৰিব।

(ফটো সৌজন্যত: ইনষ্টাগ্ৰাম @arunima.dutta.96)

এতিয়া নিশ্চয় আপোনালোকৰ মনত এক প্ৰশ্ন উদয় হৈছে যে-এগৰাকী মহিলা হিচাপে আৰু এগৰাকী গৃহিণী হিচাপে ঘৰৰ সকলো দায়িত্ব সূচাৰু ৰুপে পালন কৰি এগৰাকী পঞ্চাশ বছৰ উদ্ধৰ মহিলা কি দৰে এজনী ২৫ বছৰীয়া যুৱতীৰ দৰে সুন্দৰী হৈ আছে ? ইয়াৰ আৰত আছে তেওঁৰ পদ্ধতিগত জীৱনশৈলী৷ নিয়মিত যোগাশন, পৰিমিত আৰু সময় অনুযায়ী আহাৰ গ্ৰহণ ইত্যাদি৷ এই গৰাকী মহলাই প্ৰমাণ কৰি দিলে যে নিজৰ ইচ্ছাশক্তি থাকিলে জীৱনত সকলো সম্ভৱ ৷ তেওঁৰ বাবে বয়স এতিয়া মাথো এটি সংখ্যা৷

আপুনিও আপোনাৰ বয়সৰ ওপৰত নিয়ন্ত্ৰণ আনিব বিচাৰে নেকি? নিজকে কম বয়সৰ দেখাবলৈ আজিৰ পৰা আৰম্ভ কৰক তলত উল্লেখ কৰা নিয়ম সমূহ৷

যৌৱনৰ ৰূপ বজাই ৰখাৰ ৭ টা উপায় ( How to look younger naturally – 7 tips):

শেহতীয়াকৈ জাৰ্মানীৰ এক অধ্যয়নত দেখা গৈছে যে এগৰাকী মহিলাৰ বুকু, হাত আৰু বাহুত বয়সৰ  প্ৰভাৱ বেছিকৈ পৰে৷ অৰ্থাৎ, কেৱল আপোনাৰ মুখখনেই নহয় আপোনাৰ বয়স বৃদ্ধিৰ আাভাস কঢ়িয়াই আনে আপোনাৰ ছালখনেও ৷

বাৰ্ধক্য যে অনিবাৰ্য !  সেয়া কোনো গোপন কথা নহয়। কিন্তু, আমি আমাৰ দৈনন্দিন কাৰ্য্যকলাপৰ কিছু সাল-সলনিৰে  আমাৰ বয়সৰ গতি ৰোধ কৰিব পাৰো ৷ যৌৱনকালীন চেহেৰা বজাই ৰখাৰ সাতটা উপায় কি সেই বিষয় জানো আহক ৷

১/ ৰ’দৰ পৰা আঁতৰত থাকক (Health Tips Assamese):

যদিও সূৰ্য্যৰ পোহৰ আমাৰ দেহৰ বাবে অতি প্ৰয়োজন কিন্তু সূৰ্য্যৰ UV পোহৰ (UVA আৰু UVB ৰশ্মি) আমাৰ ছালৰ বাবে অতি ক্ষতি কাৰক আৰু এই UV ৰশ্মিৰ বাবেই আমাৰ ছালত আগতীয়াকৈ বয়সৰ দাগ পৰে ৷ UV ৰশ্মিয়ে আপোনাৰ ছালৰ ইলাষ্টিন ভাঙি পেলায়, যাৰ ফলত ছালৰ দাগ আৰু নিস্তেজ চেহেৰা, বলিৰেখা, বয়সৰ দাগ, ছালৰ ৰং অসমান আদিৰ সৃষ্টি হয়। গতিকে ৰ’দত যেতিয়াই আপুনি বাহিৰলৈ ওলাই যায় তেতিয়া সদায়ে কমেও ৩০ এছপিএফ ৰেটিং থকা ভাল মানৰ ছানস্ক্ৰীণ লগাব আৰু বাহিৰলৈ গলে ছাতি লৈ যাব যাতে UV ৰশ্মিয়ে আপোনাৰ ছালৰ কোনো ক্ষতি কৰিব নোৱাৰে ৷ এইদৰে আপুনি আপোনাৰ ছালত বয়সৰ দাগ পৰাত বাধা দিব পাৰে৷

২) প্ৰচুৰ পৰিমাণে পানী খাব (Health Tips Assamese):

কম বয়সীয়া দেখা ছালৰ আন এটা চাবিকাঠি হ’ল হাইড্ৰেচন। আপুনি প্ৰতিদিনে ৮ গিলাচ পানী খোৱাৰ অভ্যাস কৰক দেখিব লাহে লাহে আপোনাৰ ছালখন উজ্জ্বল হ’বলৈ ধৰিছে৷ আপোনাৰ শৰীৰত পানীৰ পৰিমান কম হ’লে আপোনাৰ গাৰ ছালখন শুকান আৰু নিস্তেজ দেখায় আৰু বলিৰেখা পৰে৷ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খালে আপোনাৰ ছালৰ কোষবোৰ সতেজ হৈ পৰে, যাৰ ফলত ছালখন কম বয়সীয়া আৰু সুস্থ দেখা যায়।

৩/ পৰ্য্যাপ্ত পৰিমানে জিৰণি লওক (Health Tips Assamese):

যৌৱন বজাই ৰখাৰ আন এটা চাবিকাঠি হ’ল সময়মতে কিছু জিৰণি লোৱা! আপুনি জিৰণিলৈ থকা সময়ত আপোনাৰ দেহত হ’ৰমন নিৰ্গত হয়, যাৰ ফলত ৰেটিন’ইড আৰু বিটা হাইড্ৰক্সি এচিড এক্টিভহৈ পৰে আৰু ই আপোনাৰ ছালখন সতেজ আৰু কম বয়সীয়া কৰি তোলে৷  

৪/ মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰাত গুৰত্ব দিয়ক (Health Tips Assamese):

আপুনি যিমানেই আপোনাৰ ছালখনক বাহিৰৰ পৰা হাইড্ৰেটেড কৰি ৰাখিব আপোনাৰ ছালখনো সিমানেই সতেজ হৈ থাকিব লগতে ছালত বয়সৰ দাগ পৰাত ই বাধা দিব ৷ গতিকে আপুনি সঠিক ধৰণৰ মইশ্ব’ৰাইজাৰ ধাৰাবাহিকভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিক ৷  ই আপোনাৰ ছালখন কোমল আৰু হাইড্ৰেটেড কৰি ৰখাত সহায় কৰিব আৰু আপোনাক দেখাত কম বয়সীয়া কৰি তুলিব৷

৫) গছ-গছনিৰে সমৃদ্ধ খাদ্য খাব লাগে (Health Tips Assamese):

আপুনি যিমান পাৰে সিমানেই ফল-মূল আৰ শাক-পাচলি খোৱাত গুৰুত্ব দিয়ক৷ ফল-মূল আৰু শাক-পাচলিয়ে আপোনাৰ শৰীৰত ফাইটোনিউট্ৰিয়েণ্ট বৃদ্ধি কৰে, যিয়ে আপোনাৰ শৰীৰক পৰিৱেশত পোৱা ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱক দূৰ কৰাত সহায় কৰে। ফল-মূল আৰু শাক-পাচলি ৰ উপকাৰিতা বহুত। ইহঁতে আমাৰ শৰীৰক মূল পুষ্টিকৰ উপাদান প্ৰদান কৰে যিয়ে সুস্থ বয়স বৃদ্ধিক সমৰ্থন কৰাত সহায় কৰে আৰু আপোনাৰ শৰীৰক ভিতৰ আৰু বাহিৰ ফালৰ পৰা ডেকা কৰি ৰাখে।

৬/ নিয়মিত ব্যায়াম কৰক (Health):

ব্যায়াময়ে আপোনাৰ শৰীৰৰ তেজ চলাচল বৃদ্ধি কৰি আপোনাৰ শৰীৰটো সতেজ কৰি ৰাখে ৷ ব্যায়ামে বিশেষকৈ হাই ইনটেনচিটি ইন্টাৰভাল ট্ৰেইনিং (HIIT) কোষীয় পৰ্যায়ত আপোনাৰ বয়স বৃদ্ধি প্ৰায় ১০ বছৰ লেহেমীয়া কৰিব পাৰে। ব্যায়ামে তেজৰ সোঁতও বৃদ্ধি কৰে, আপোনাৰ সমগ্ৰ শৰীৰত অক্সিজেন আৰু জটিল পুষ্টিকৰ উপাদানসমূহ স্থানান্তৰিত কৰে, যাৰ ফলত আমাৰ শৰীৰটো অধিক যৌৱনময় ৰূপ দেখা যায়।

৭) নিয়মিয়াকৈ ছালৰ যতন লওঁক (Health):

আপোনাৰ ছালক সতেজ আৰু সন্দৰ কৰি ৰাখিবলৈ আপুনি দৈনিক মুখ আৰু ছালৰ যত্ন লওঁক ৷ এটা ভাল ছালৰ যত্নৰ ৰুটিন আপোনাৰ দৈনন্দিন অভ্যাস হিচাপে গঢ়ি তোলক। এখন সুন্দৰ ছাল আৰু নিজকে কমবয়সীয়া দেখাবলৈ এতিয়াৰে পৰা  আপোনাৰ ছালখনৰ ওপৰত গুৰুত্ব প্ৰদান কৰক ৷

“ডিচেম্বৰ ২০২৪ ৰ ৰাশিফল (Rashifal Assamese: December” 2024)”: আপোনাৰ ৰাশিচক্ৰৰ ভাগ্য, কৰ্ম, আৰ্থিক অৱস্থা আৰু প্ৰেম জীৱনৰ পৰিৱৰ্তন সম্পৰ্কে জানিবলৈ আমাৰ এই বিশেষ ৰাশিফল পঢ়ক।”

External Link : https://www.pureluxemedical.com/blog/8-ways-to-maintain-a-youthfulappearance#:~:text=Staying%20active%20is%20helpful%20in,level%20by%20nearly%2010%20years.

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments