HomeFitnessHealth Tips in Assamese | আপুনিও ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰে নেকি?...

Health Tips in Assamese | আপুনিও ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰে নেকি? এই অভ্যাস আজিয়েই এৰক! নহলে অপোনাৰ শৰীৰটো হ’ব এই ৰোগ!

Health Tips in Assamese : আপুনিও ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰে নেকি ? এই অভ্যাস আজিয়েই এৰক !

আজিৰ যান্ত্ৰিকতাময় জীৱনত নিজকে স্বাস্থ্যৱান কৰি ৰখাটো আমাৰ সন্মূখত যেন এক বিৰাট ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে ৷ পৰিয়ালৰ প্ৰতি থকা আমাৰ দ্বায়িত্ব তথা কৰ্তব্যয়ে আমাৰ নিজৰ বাবে সময়ৰ অভাৱ সৃষ্টি কৰি আহিছে ৷ যাৰ ফলত আমাৰ খাদ্য অভ্যাসত বিৰূপ প্ৰভাৱ পেলাইছে ৷ সঠিক সময়ত খাদ্য গ্ৰহণ নকৰা, ফাষ্ট ফুডৰ প্ৰতি আমাৰ আকৰ্ষনে আমাৰ শৰীৰত বিভিন্ন ধৰনৰ ৰোগ সৃষ্টিৰ মূল কাৰক হৈ পৰিছে ৷ শেহতীয়া এক গৱেষণাত দেখা গৈছে যে যিসকলে নিশা পলমকৈ খাদ্য খায়, তেওঁলোকৰ শৰীৰত পুৱা ইনচুলিনৰ স্তৰ অধিক হয় ৷

বিভিন্ন বিশেষজ্ঞৰ ম’তে ৰাতিপুৱা ১২ বজাৰ আগতে আমি ভালদৰে পেট ভৰাই পুষ্টিকৰ খাদ্য খাব লাগে, য’ত আন আন খাদ্যৰ লগত সঠিক মাত্ৰাত ফলমূল থকাটো বাঞ্চনীয় ৷ পুৱাৰ আহাৰক দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ বুলি গণ্য কৰা হয় ৷ আমাৰ দূপৰীয়া আহাৰত আমি কেচা শাক-পাচলি অন্তৰ্ভূক্ত কৰাটো অতি প্ৰয়োজনীয় ৷ কিন্তু আমি বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিব লাগে ৰাতিৰ আহাৰৰ ওপৰত ৷ আমি মনত ৰখা উচিত যে- সূৰ্য্য ৰশ্মি কমি অহাৰ লগে লগে আমাৰ শৰীৰৰ হজম শক্তি কমি যায় , সেয়েহে ৰাতিৰ আহাৰত সদায়ে সোনকালে হজম হোৱা খাদ্য অন্তৰ্ভুক্ত কৰা উচিত ৷

ৰাতিৰ আহাৰৰ প্ৰতি বিশেষ শুৰুত্ব প্ৰদান কৰক (Health Tips in Assamese):

যিহেতু ৰাতি আমাৰ শৰীৰৰ হজম শক্তি কমি যায় সেয়েহে আমি ৰাতি সূষম আহাৰ গ্ৰহণ কৰিব লাগে , লগতে সেই আহাৰ সঠিক সময়ত গ্ৰহণ কৰিব লাগে ৷ সঠিক সময়ত আহাৰ গ্ৰহণ কৰিলে আমাৰ শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰিত হৈ থাকে ৷ এই অভ্যাসে আমাৰ শাৰীৰিক ক্ষমতা বৃ্দ্ধি কৰাৰ লগতে আমাৰ শৰীৰটো নিৰোগী কৰ ৰাখে ৷

ৰাতিৰ আহাৰ দেৰিকৈ খালে আমাৰ শৰীৰত কি প্ৰভাৱ পৰে ? (Health Tips in Assamese):

বিভিন্ন সময়ত স্বাস্থ্য বিশেষজ্ঞ সকলে প্ৰকাশ কৰি আহিছে যে ,- আমি নিশা পলমকৈ আহাৰ গ্ৰহণ কৰিলে আমাৰ শৰীৰত গ্লুকজৰ মাত্ৰা হ্ৰাস হয় , যাৰ ফলত আমাৰ শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হয় ৷ সঠিক সময়ত খাদ্য গ্ৰহণ নকৰিলে আমি গ্ৰহণ কৰা খাদ্য সঠিক ভাৱে হজম নহয়, ওজন বৃদ্ধি পা্য়, শৰীৰ ভাগৰুৱা হয় ও এলাহ ভাৱ উৎপন্ন হয় ,  আৰু শৰীৰৰ মেটাব’লিজম মন্থৰ হৈ পৰে৷ যাৰ ফলস্বৰুপে আমাৰ শৰীৰত ডায়েবিটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷

ৰাতি কোন সময়ত আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যসন্মত বুলি বিবেচনা কৰা হয়?

স্বাস্থ্য বিশেষজ্ঞ সকলে প্ৰকাশ কৰা মতে , সন্ধ্যা ৬ বজাৰ পৰা ৮ বজালৈকে নিশা আহাৰ গ্ৰহণ কৰাৰ শ্ৰেষ্ঠ সময় ৷ যদি আহাৰ চৰ্বিযু্ক্ত আৰু তেলযুক্ত হয় তেন্তে তেনে আহাৰ নিশা ৮ বজাৰ পিছত গ্ৰহণ কৰাটো অনুচিত ৷ ৰাতি আহাৰ দেৰিকৈ খালে হজম নহয়, ওজন বৃদ্ধি পায় আৰু টোপনি কমি যায়v৷

ৰাতি আহাৰ কেনে হোৱা উচিত? (Health Tips in Assamese):

ৰাতি আমি সদায় স্বাস্থ্যসন্মত প্ৰটিনযক্ত আহাৰ গ্ৰহণ কৰিব লাগে ৷ এই ক্ষেত্ৰত ডায়েবিটিছ ৰোগী সকল অতি সৰ্তক হোৱা উচিত ৷ তেওঁলোকৰ বাবে ৰাতি সঠিক সময়ত আহাৰ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ ৰাতি সঠিক সময়ত আহাৰ গ্ৰহণ কৰিলে দেহত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰিত হৈ থকাৰ লগতে ই আমাৰ সমগ্ৰ শৰীৰটো ৰোগ বিহীন কৰি ৰাখে ৷ সেয়েহে আপোনাৰ শৰীৰটো সৱল কৰি ৰখা স্বাৰ্থত আজিৰ পৰা সঠিক সময়ত ৰাতি আহাৰ গ্ৰহণৰ অভ্যাস গঢ়ি তোলক ৷

(বিভিন্ন উৎসৰ সহায়লৈ)

Disclaimer: প্ৰবন্ধত উল্লেখিত পৰামৰ্শসমূহ কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যে দিয়া হৈছে , আৰু এইসমূহক পেশাদাৰী চিকিৎসা পৰামৰ্শৰূপে গ্ৰহণ নকৰিব। কোনো প্ৰশ্ন বা সমস্যাৰ বাবে , সদায় আপোনাৰ ডাক্তৰৰ পৰা পৰামৰ্শ লওক।

এনে ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ জানিবলৈ আমাৰ এই ৱেবছাইট অৰ্থাৎ griini.in সদায়ে visit কৰিব ৷ ধন্যবাদৰে- Team Gihini.  

লগতে পঢ়ক:  ৫০ বছৰ বয়সটো ২৬ বছৰীয়া এজনী ছোৱালীৰ দৰে সুন্দৰী হৈ থাকিব বিছাৰে নেকি? এয়া জানো সম্ভৱ ? সকলো বিচাৰি পাব এই প্ৰতিবেদনত ৷              

উৎস:- https://pmc.ncbi.nlm.nih.gov/articles/PMC8308587/

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments