
Photo source google.
How to remove dark spots on face naturally : ৰন্ধনঘৰৰ সামগ্ৰী ব্যৱহাৰে মুখৰ ক’লা দাগ বা পিগমেন্টেচন দূৰ কৰাৰ সহজ উপায় ৷ মই কি দৰে ঘৰতে ভাল কৰিলো মুখৰ পিগমেন্টেচন, আজি সকলো আপোনালোকক জনাম !
How to remove dark spots on face naturally : নিজৰ বগা ছালখনক লৈ মই অলপ অহংকাৰী আছিলো ৷ এদিন আইনাত নিজৰ মুখখন চাবলৈ গৈ মই শংকিত হৈ পৰিলো ! এইয়া কি দোয়োখন গালতে ক’লা দাগ পৰিছে ৷ হৃদয়খন দুৰু-দুৰু কৈ কপিবলৈ আৰম্ভ কৰিলে ৷ মই দেখিবলৈ বেয়া হৈ পৰিম, মুখখন ক”লা হৈ যাব ইত্যাদি ভয়ে মোক খুলি খুলি খাবলৈ ধৰিলে ৷ লাহে লাহে দাগবোৰ বেছি উজ্জ্বল হৈ পৰিবলৈ ধৰিলে ৷ উপায়ন্তৰ হৈ মই ডক্টৰৰ ওচৰ চাপিলো ৷ ডক্টৰে মুখৰ ক’লা দাগবোৰ চাই তিনি মাহৰ ঔষধ দিলে ৷ তিনিমাহৰ ঔষধৰ দাম পৰিল প্ৰা্য় ৬০০০ টকা ! মোৰ মুখখন আগৰ দৰে লাগে ৷ গতিকে টকা যি যায় যাব বুলি মনতে ভাবি ঔষধ খিনি কিনি ঘৰলৈ আহিলো ৷ ডক্টৰে কোৱাৰ দৰে ঔষধবোৰ খাবলৈ ধৰিলো৷ প্ৰায় দুমাহমানৰ পাছত মোৰ মুখত পৰা দাগবোৰ অলপ কমা যেন দেখা গ’ল ৷ তিনিমাহ পাৰ হ’ল, এতিয়াও দাগবোৰ সম্পূৰ্ণভাৱে যোৱা নাই ৷ আকৌ তিনিমাহৰ পাছত ডক্টৰৰ ওচৰ পালোগৈ ৷ আকৌ নতুন ঔষধ প্ৰায় ৭০০০/- টকাৰ, তিনি মাহৰ বাবে ৷ এইদৰে প্ৰা্য় এবছৰ পাৰ হ’ল দাগবোৰ লাহে লাহে বেছিহে হ’বলৈ ধৰিলে ৷ মোৰ ছাললৈ থকা অহকাৰবোৰ কৰ্পূৰৰ দ’ৰে উৰি নোহোৱা হ’বলৈ ধৰিলে ৷ নিজৰ মাজত থকা আত্মবিশ্বাস লাহে লাহে কমি আহিবলৈ ধৰিলে ৷ প্ৰায় ৫০,০০০/- টকাৰো অধিক খৰছ কৰিও মুখখন আগৰ দৰে কৰিব নোৱাৰাৰ বেদনাই মোক খুলি-খুলি খাবলৈ ধৰিলে ৷ বিয়া- সভা আদিলৈ যাবলৈ একপ্ৰকাৰ বাদেই দিয়াৰ দৰে হ’ল ৷ মানুহৰ মাজলৈ যাবলৈ লাজ লগা হ’ল ! কিজানি মোৰ মুখখনক লৈ কোনোবাই হাহেঁ যদি ! এদিন নিজে ঠিক কৰিলো ক’লা দাগ ভাল কৰাৰ উপায় মই নিজেই উলি্য়াম ৷ কথা মতে কাম, বিভিন্ন কিতাপ, আয়ুৰ্বেদিক গ্ৰন্থ আদি নিজাকৈ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলো (How to remove dark spots on face naturally) আৰু ইয়াৰ উপা্য়বোৰ নিজৰ ওপৰতে প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলো ৷ কি আচৰিত এমাহ মান যোৱাৰ পাছত মোৰ মুখৰ ক’লা দাগবোৰ যেন কিবলৈ ধৰিলে ৷ দুগুণ উৎসাহেৰে কামত লাগি গ’লো ৷ ঘৰুৱা বস্তুৰ দ্বাৰা মোৰ ক’লা দাগৰ চিকিৎসা নিজে কৰি গ’লো ৷ আপোনালোকে জানি আাচৰিত হ’ব প্ৰায় তিনি মাহৰ পাছত মোৰ গালত পৰা ক’লা দাগ নোহোৱা হৈ পৰিল ৷ আৰু আজি মোৰ গাল আগতকৈও চিকচিকাই থকা হ’ল ৷ মই কি দৰে ঘৰতে মোৰ গালৰ ক’লা দাগবোৰ ভাল কৰিলো আজি আপোনালোকক সম্পূৰ্ণকৈ ক’ম ৷ যা’তে মোৰ দৰে প্ৰতিগৰাকী অসহায় গৃহিণী এ নিজৰ গাঠিৰ ধন ভাঙিবলগীয়া নহ্য়, আৰু ঘৰতে মুখৰ ক’লা দাগ ভাল কৰিব পাৰে ৷
পিগমেন্টেচন (Pigmentation) কি ?
পিগমেন্টেচন (Pigmentation) হৈছে ছালত বিশেষ স্থানত অধিক পৰিমাণে মেলানিন উৎপন্নৰ ফলত হোৱা দাগ বা বৰ্ণৰ পৰিবৰ্তন। সাধাৰণতে, পিগমেন্টেচন পৰিসৰ, বয়স, সূৰ্যৰ পোহৰ, হৰম’নৰ অসমতা আৰু প্ৰদূষণৰ বাবে হোৱা পৰিসৰ এটা সমস্যা। কিন্তু ইয়াক দূৰ কৰিবলৈ সকলো সময়তে ৰাসায়নিক প্ৰয়োগ বা চিকিৎসকৰ ওচৰত যোৱাৰ প্ৰয়োজন নাই। ঘৰত থকা সাধাৰণ ৰন্ধনঘৰৰ উপকৰণেই এই সমস্যা সমাধান কৰিবলৈ যথেষ্ট হ’ব। এই লিখনিত মই পিগমেন্টেচন দূৰ কৰাৰ কিছুমান প্ৰাকৃতিক উপায় আলোচনা কৰিম (How to remove dark spots on face naturally )। যিবোৰ প্ৰাকৃতিক উপায়েৰে মই নিজকে ভাল কৰিলো ৷
পিগমেন্টেচন দূৰ কৰাৰ ঘৰুৱা উপায় – Kitchen Remedies :
তলত কিছুমান ৰন্ধনঘৰৰ উপাদান আৰু ইয়াৰ ব্যৱহাৰৰ পদ্ধতি দিয়া হ’ল , যিবোৰ ব্যৱহাৰ কৰি মই সুফল পাইছিলো ( How to remove dark spots on face naturally ):
১. আলু (Potato) | How to remove dark spots on face naturally :
আমি ঘৰত খাবলৈ ব্যৱহাৰ কৰা আলু , ছালৰ যত্ন বা পিগমেন্টেচনৰ বাবে বহুল ব্যৱহৃত প্ৰাকৃতিক উপাদান। আলুত থকা এনজাইম আৰু ভিটামিন-চি (Vitamin C) এ ছালৰ ৰং উজ্বল কৰাৰ বাবে উপকাৰী।
মই মোৰ দাগ বোৰত কি দ’ৰে আলু ব্যৱহাৰ কৰিছিলো !
1. প্ৰথমে এটা আলুৰ বাকলি গোচাই, সৰু সৰু কৈ কাটি লওঁক ৷
2. এতিয়া আলুৰ টুকুৰাবোৰৰ ৰসবোৰ মুখৰ ক’লা দাগবোৰত ভালদৰে ঘহি ঘহি সানি দিয়ক ৷
3. তাৰ পাছত ১৫-২০ মিনিটৰ বাবে মুখখন শুকাবলৈ দিয়ক ৷
4. ১৫-২০ মিনিটৰ পাছত মুখখন কুহুমিয়া পানীৰে ধুই পেলাওঁক ৷
ফলাফল: নিয়মিত ব্যৱহাৰে ছালত পৰা ক’লা দাগ হ্ৰাস কৰে ৷
মই আলুৰ ৰস দৈনিক ব্যৱহাৰ কৰিছিলো ৷
২. কেঁচা হালধী আৰু মৌ (Turmeric and Honey) | How to remove dark spots on face naturally :
হালধীৰ মাজত থকা এন্টি-অক্সিডেণ্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণৰ বাবে ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। মৌয়ে আমাৰ ছালক আর্দ্ৰ প্ৰদান কাৰে ৷
মই কেঁচা হালধী আৰু মৌ মোৰ দাগ বোৰত কেনেকৈ ব্যৱহাৰ কৰিছিলো ?
1. এটা পাত্ৰত ১ চামুচ কেঁচা হালধী আৰু ১ চামুচ মৌ ভাল দৰে মিলাই।
2. মিশ্ৰণটো মুখৰ দাগবোৰত ভালদৰে লেপি দিয়ক ৷আৰু লেপটো ১৫-২০ মিনিটৰ বাবে শুকাবলৈ দিয়ক৷
3. ২০ মিনিটৰ পাছত কুহুমিয়া পানীৰে ধুই পেলাওক।
ফলাফল: নিয়মিত ব্যৱহাৰে ছালত পৰা ক’লা দাগ হ্ৰাস কৰি ছলখন উজ্জ্বল কৰি তোলে ৷
মই কেঁচা হালধী আৰু মৌ সপ্তাহত ৩ দিনকৈ ব্যৱহাৰ কৰিছিলো ৷
৩. বিলাহী (Tomato) | How to remove dark spots on face naturally :
বিলাহীত থকা বিশেষ ৰাসায়নিক উপাদান লাইক’পিন (Lycopene) ছালৰ বাবে অতি উপকাৰী ৷ ই অমাৰ ছালখনক ইউ. ভি. ৰশ্মিৰ পৰা ৰক্ষা কৰে ৷ ই আমাৰ ছালত বয়সৰ দাগ পৰাত বাধা দিয়ে ৷ ই আমাৰ ছালৰ আদ্ৰতা বজাই ৰখাৰ লগতে ছালখন উজ্জ্বল কৰি ৰাখে ৷
কেনেকৈ ব্যৱহাৰ কৰিব ?
1. এটা সৰু আকাৰৰ বিলাহী লৈ তাৰ ৰস উলিয়াই লওক ৷
2. এতিয়া সেই ৰস কপাহৰ সহায়ত মুখত পৰা দাগবোৰত লগাওক ৷
3. যেতিয়া ৰসবোৰ শুকাব, তেতিয়া ভল দৰে ধুই পেলাওক ৷
ফলাফল: বিলাহীয়ে আমাৰ ছালত পৰা দাগবোৰ হ্ৰাস কৰাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে ৷ ই ছালত বয়সৰ প্ৰভাৱ পৰাত বাধা দিয়ে ৷
মই বিলাহীৰ ৰস দৈনিক ব্যৱহাৰ কৰিছিলো ৷
৪. নিমৰ পাত আৰু কেঁচা গাখীৰ (Neem Leaves and Raw Milk ) | How to remove dark spots on face naturally :
নিমৰ পতাৰ এন্টি-ব্যাক্টেৰিয়েল গুণ আৰু গাখীৰৰ প্ৰাকৃতিক ব্লিচিং প্ৰপাৰ্টিয়ে ছালৰ বহুত সমস্যা সমাধান কৰে।
কেনেকৈ ব্যৱহাৰ কৰিব ?
1. কেইটামান নিম পাত ভালদৰে থেতেলিয়াই তাৰ ৰসৰ লগত অলপ কেঁচা গাখীৰ মিলাই লওঁক৷
2. এই মিশ্ৰণ মুখত লগাই ২০ মিনিটৰ বাবে ৰাখি শুকাবলৈ দিয়ক ৷
3. ঠাণ্ডা পানীৰে ধুই পেলাওক।
ফলাফল: এই মিশ্ৰণ দৈনিক ব্যৱহাৰ আমাৰ মুখৰ ছাল স্বাস্থ্যৱান হৱাৰ লগে পিগমেন্টেচন হ্ৰাস পায়৷
এই মিশ্ৰণ মই দৈনিক ব্যৱহাৰ কৰিছিলো ৷
৬. কেঁচা দৈ আৰু মুলেঠিৰ পেক্ (Yogurt and Mulethi pack) | How to remove dark spots on face naturally :
দৈত থকা লেকটিক এচিড আৰু মুলেঠিত থকা বিভিন্ন ছালৰ উজ্জ্বলতা বৰ্দ্ধক উপাদানে আমাৰ ছালৰ ক’লা দাগ আতৰাই আমাৰ মুখৰ ছালখন দাগমুক্ত আৰু উজ্জ্বল কৰি তোলাত সহায় কৰে ৷
মই কেনেকৈ ব্যৱহাৰ কৰিছিলো এই মিশ্ৰণ ৷
1. ২ চামুচ কেঁচা দৈ আৰু ১ চামুচ মুলেঠিৰ পাউদাৰলৈ ভাল দৰে মিক্স কৰি লওঁক ৷
2. এতিয়া এই মিশ্ৰণটো ভালদৰে মুখৰ ক’লা দাগবোৰৰ ওপৰত লগাওঁক ৷
3. ১৫-২০ মিনিট মান ভালদৰে মিশ্ৰণটো শুকাবলৈ দিয়ক ৷
4. ২০ মিনিট মানৰ পাছত যেতিয়া পেকটো শুকাব তেতিয়া মুখখনত অলপ পানী দি ভাল দৰে ৫ মিনিট মান সময় ঘুৰাই ঘুৰাই মাচাজ কৰক৷ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওক।
ফলাফল: এই মিশ্ৰণ সপ্তাহত ৩ দিন লগালে প্ৰায় ১ মাহৰ পিচৰ পৰা মুখৰ ক’লা দাগবোৰ কমিবলৈ ধৰে আৰু ৩ মাহ মানত দেখিব ক’লা দাগবোৰ লাহে লাহে নোহোৱা হৈ পৰিব ৷
এই মিশ্ৰণ মই সপ্তাহত ৩ দিনকৈ ব্যৱহাৰ কৰিছিলো ৷
অতিৰিক্ত টিপছ :
ইয়াৰ ওপৰিও আপোনালোকে কিছু বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ৷ যেনে-
– ছালৰ যত্নৰ বাবে দৈনিক ছানস্ক্ৰীন ব্যৱহাৰ কৰিব।
– দিনে কমেও ৮ গিলাচ পানী খাব।
– ৰতি ৮-৯ ঘন্টা শুবলৈ চেষ্টা কৰিব ৷
উপসংহাৰ :
পিগমেন্টেচন হ’ল ছালৰ এটা সাধাৰণ সমস্যা, যাক প্ৰাকৃতিক উপাদান ব্যৱহাৰে সহজেই সমাধান কৰিব পাৰি। ঘৰতে আমি ৰন্ধনঘৰৰ সাধাৰণ উপাদান ব্যৱহাৰ কৰি ছালৰ দাগ হ্ৰাস কৰি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰো। যদিও পিগমেন্টেচন একদিনত গুচি নাযায়, নিয়মিত যত্ন ল’লে ভাল ফল পাব। সঠিক উপাদান বাচি ব্যৱহাৰ কৰক আৰু আপোনাৰ ছালত নতুন জীৱন আনক।
এই লিখনিৰ দ্বাৰা মই এই পিগমেন্টেচনৰ সমস্যাৰ পৰা কিদৰে মুক্ত হ’লো সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰিলো (How to remove dark spots on face naturally ) ৷ আমাৰ দৰে গৃহিণীসকলে নিজ ঘৰখনৰ দ্বায়িত্ব পালন কৰি থাকোতে নিজৰ প্ৰতি ধ্যান দিবলৈ পাহৰি যাও ৷ গতিকে আমি ৰন্ধনঘৰৰ উপকৰণবোৰক যদি সময়ম’তে ছালৰ যত্নৰ বাবে ব্যৱহাৰ কৰি থাকো তেনেহ’লে আমি ছালৰ সমস্যাবোৰৰ পৰা হাত সাৰি থাকিব পাৰো ৷
Author : Barnali Borthakur
সৌন্দৰ্য্য চৰ্চাৰ ওপৰত এই ধৰনৰ লিখনি সমূহ পঢ়াৰ বাবে grihini.in সদায় চাব ৷
লগতে পঢ়ক-
ভাৰতীয় জ্যোতিষ শাস্ত্ৰৰ মতে অনাগত ২০২৫ চনৰ ভৱিষ্যতবাণীসহ ৰাশিফল |