Sell used clothes online | পুৰণা কাপোৰ অনলাইনত বিক্ৰী কৰি আজিয়েই আপোনাৰ অনলাইন বিক্ৰী যাত্ৰা আৰম্ভ কৰক ! সকলো বিচাৰি পাব এই প্ৰতিবেদনত ৷
বৰ্ত্তমান ফেচনৰ যুগত গৃহিণী সকলৰ মাজত বিভিন্ন সময়ত আলমাৰিত নতুন কাপোৰৰ বাবে স্থানৰ আভাৱৰ সমস্যাই মুৰৰ কামোৰণিৰ সৃষ্টি কৰে ৷ আলমাৰিত জমা থকা পুৰণা, অব্যৱহৃত কাপোৰে নতুন কাপোৰৰ বাবে স্থান নোহোৱা কৰি ৰাখে ৷ বি্য়া-সভা আদিৰ বাবে কিনা অতি কম ব্যৱহৃত কাপোৰ বহু সময়ত নতুন হৈয়ে থাকে কিন্তু ফেচনৰ পৰিৱৰ্ত্তনৰ বাবে এই কাপোৰবোৰ বাৰে বাৰে পিন্ধিবলৈও সমস্যা হয় ! কাপোৰৰ প্ৰতি থকা মৰমৰ বাবে কাপোৰযোৰ পেলাবলৈও মন নাথাকে আৰু ইমান দামত কিনা কাপোৰযোৰ আনক দিবলৈো মন নাযায় ! কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিয়ে আমালৈ আনি দিছে নতুন সম্ভাৱনা, এতিয়া আমি ঘৰতে বহি আমাৰ পুৰণা কাপোৰবোৰ অনলাইনযোগে বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰো অতিৰিক্ত টকা ৷

পুৰণা কাপোৰে আনিব পাৰে নৱ সম্ভাৱনা— অনলাইনত বিক্ৰী কৰক | Sell used clothes online :
আজিৰ ডিজিটেল যুগত অনলাইনৰ জৰিয়তে সকলো কাম সহজভাৱে সম্পন্ন কৰা সম্ভবহৈ পৰিছে । যি সময়ত ঘৰৰ পুৰণা কাপোৰে গৃহিণী সকলৰ মাজত সমস্যাৰ সৃষ্টি কৰি আহিছে সেই সময়তে অনলাইন প্লেটফৰ্মসমূহে উপাৰ্জনৰ এক নতুন সম্ভাৱনাৰ দিশ উন্মুক্ত কৰিছে ৷ এই ব্লগৰ জৰিয়তে, আমি পুৰণা কাপোৰ অনলাইনত কেনেদৰে বিক্ৰী কৰিব পাৰি (How to sell old clothes online)আৰু তাৰ সৰ্বোত্তম সুবিধা কেনেদৰে লাভ কৰিব পাৰি সেয়া বুজিবলৈ চেষ্টা কৰিম।
কিয় পুৰণা কাপোৰ অনলাইনত বিক্ৰী কৰা উচিত ? Why to sell used clothes online ?
আমাৰ ঘৰৰ আলমাৰিৰ ভিতৰত জমা হৈ থকা পুৰণা অব্যৱহৃত কাপোৰসমূহে বহু স্থান বিনা কাৰনত দখল কৰি ৰাখে, যাৰ ফলত প্ৰয়োজনত আমাৰ নতুন কাপোৰৰ বাবে স্থানৰ অভাৱ হয়৷ সেয়েহে এনে কাপোৰবোৰ যদি আমি পেলাই নিদি বা কাৰোবাক এনেই নিদি অনলাইনযোগে বিক্ৰী কৰো তেনেহ’লে আমি তলত দিয়া ধৰণে লাভাম্বিত হব পাৰো ৷
অতিৰিক্ত টকা উপাৰ্জন:
পুৰণা কাপোৰবোৰ বিক্ৰী কৰি ঘৰতে থকি উপাৰ্জন কৰিব পাৰি, যাৰদ্বাৰা এগৰাকী গৃহিণীয়ে প্ৰয়োজন সাপেক্ষে সেই উপাৰ্জিত টকাৰে ঘৰৰ দুই এপদ বস্তু ক্ৰয় কৰিব পাৰে৷
পৰিবেশৰ সংৰক্ষণ:
যদি পুৰণি কাপোৰবোৰ আমি পেলাই দিও তেন্তে ই আমাৰ প্ৰাকৃতিক পৰিবেশ নষ্ট কৰিব পাৰে। গতিকে এই কাপোৰবোৰ যদি আমি পেলাই নিদি বিক্ৰী কৰো তেন্তে ইয়াৰ পুনৰ ব্যৱহাৰে প্ৰকৃতিৰ বাবে হ’ব পৰা ক্ষতিৰ সম্ভাৱনা ৰোধ কৰে৷
আলমাৰিত নতুন কাপোৰৰ বাবে স্থান মুকলি কৰে:
পুৰণি কাপোৰ বিক্ৰীৰদ্বাৰা পুৰণি কাপোৰবোৰে দখল কৰি থকা স্থানবোৰ খালিহৈ পৰে আৰু নতুন কাপোৰৰ বাবে স্থান মুকলি কৰে৷
পুৰণি কাপোৰ কেনেদৰে আনলাইনত কেনেদৰে বিক্ৰী কৰিব ? | How to Sell used clothes online :
পুৰণি কাপোৰ বিক্ৰী কৰিবলৈ বিভিন্ন ৩য় পক্ষীয় ৱেবচাইট বা অনলাইন প্লেটফৰ্ম এতিয়া উপলব্ধ। এই প্লেটফৰ্ম সমূহৰ মাধ্যমেৰে আপুনি আপোনাৰ পুৰণি কাপোৰ সমূহ বিক্ৰী কৰিব পাৰিব। তলত কিছুমান জনপ্ৰিয় প্লেটফৰ্মৰ তালিকা দিয়া হৈছেঃ
1. Free Up (You can use this platform to sell used clothes online) :
Free Up হৈছে বৰ্ত্তমান ভাৰতৰ এটা জনপ্ৰিয় পুৰণা কাপোৰ বিক্ৰীৰ প্লেটফৰ্ম য’ত আপুনি পুৰণি বস্তু বিক্ৰী কৰিব পাৰে।
– ফ্ৰি ৰূপত বিজ্ঞাপন প’ষ্ট কৰাৰ সুবিধা দিয়ে।
– এই এপ প্লে-ষ্টোৰৰ পৰা ডাউনলোড কৰি তাত প্ৰথমে এটা একাউন্ট খুলিব লাগে ৷ পাছত আপোনাৰ পুৰণি কাপোৰৰ ৪-৫ খন ফটো আপলোড কৰি সেই কাপোৰবোৰৰ দাম নিৰ্দ্ধাৰণ কৰি এপত উল্লেখ কৰিব লাগে ৷
– আপলোড কৰা কাপোৰৰ ফটো আৰু বিৱৰণৰ যোগেদি সম্ভাৱিত গ্ৰাহক আকর্ষণ কৰিব পাৰে।
-যদি কোনো গ্ৰাহকে আপোনাৰ সেই কাপোৰ কিনে তেতিয়া কোৰিয়াৰ মানুহ আহি আপোনাৰ ঘৰৰ পৰা সেই কাপোৰসমূহ লৈ যাব আৰু আপোনাৰ টকা আপোনাৰ একাউন্টত সোমাই যাব৷
-এই প্লেটফৰ্মত
-কাপোৰৰ উপৰিও আন আন সামগ্ৰীও বিক্ৰী কৰিব পাৰি ৷
2. Kiabza (You can use this platform to sell used clothes online) :
ভাৰতৰ আন এক জনপ্ৰিয় পুৰণা কাপোৰ বিক্ৰীৰ প্লেটফৰ্ম হৈছে Kiabza, য’ত আপুনি পুৰণি বস্তু বিক্ৰী কৰিব পাৰে।
– ইয়াত আপোনাৰ পুৰণি কাপোৰৰ বিজ্ঞাপন ফ্ৰিত প’ষ্ট কৰাৰ সুবিধা আছে ৷
– এই প্লেটফৰ্মত প্ৰথমে আপোনাৰ এটা একাউন্ট খুলিব লাগে ৷ পাছত আপোনাৰ পুৰণি কাপোৰৰ ফটোসহ বিবৰণ আপলোড কৰি সেই কাপোৰবোৰৰ দাম নিৰ্দ্ধাৰণ কৰি উল্লেখ কৰিব লাগে ৷
– আপলোড কৰা কাপোৰৰ ফটো আৰু বিৱৰণৰ যোগেদি সম্ভাৱিত গ্ৰাহকক আকর্ষণ কৰিব পৰা যায় আৰু কোনো গ্ৰাহকৰ কাপোৰ পচন্দ হ’লে অনলাইন যোগে আপোনাৰ সেই পুৰণি কাপোৰবোৰ ৷
3. Relove (You can use this platform to sell used clothes online) :
ভাৰতত পুৰণি কাপোৰ বিক্ৰীৰ আন এক জনপ্ৰিয় প্লেটফৰ্ম হৈছে ৷ যাৰ সহায়ত আপুনি আপোনাৰ পোৰণি কাপোৰৰ দাম নিৰ্দ্ধাৰণ কৰি এই প্লেটফৰ্মত বিজ্ঞাপণ দিব পাৰে আৰু কোনো গ্ৰাহকৰ আপোনাৰ পুৰণি কাপোৰসমূহ পচন্দ হ’লে আপোনাৰ একাউন্টত টকা জমা কৰি সেই পুৰণি কাপোৰ অনলাইন যোগে কিনিব পাৰে৷
4. Poshmark (You can use this platform to sell used clothes online) :
(বিশেষকৈ ব্ৰাণ্ডেড কাপোৰৰ বাবে)
– এই প্লেটফৰ্মত ব্ৰাণ্ডেড বা দামী কাপোৰ বিক্ৰী কৰাৰ সুবিধা থাকে।
– সম্ভাৱিত গ্ৰাহকৰ সংখ্যা যথেষ্ট বেছি। এই
– প্লেটফৰ্মযোগে আপুনি আপোনাৰ পুৰণি ব্ৰাণ্ডেড কাপোৰ সঠিক মূল্যত বিক্ৰী কৰিব পাৰে৷
5. OLX (You can use this platform to sell used clothes online) :
OLX হৈছে ভাৰতৰ আন এক জনপ্ৰিয় প্লেটফৰ্ম য’ত আপুনি পুৰণি বস্তু বিক্ৰী কৰিব পাৰে।
– ফ্ৰি ৰূপত বিজ্ঞাপন প’ষ্ট কৰাৰ সুবিধা দিয়ে।
– আপলোড কৰা কাপোৰৰ ফটো আৰু বিৱৰণৰ যোগেদি সম্ভাৱিত গ্ৰাহক আকর্ষণ কৰিব পাৰে।
6. Quikr (You can use this platform to sell used clothes online) :
Quikrহৈছে আন এক জনপ্ৰিয় প্লেটফৰ্ম।
– ইয়াত কাপোৰৰ লগতে আন আন বস্তুসমূহৰো কিনা-বেচা হয়।
– বিশেষ অফাৰ দিয়াৰ সুবিধাৰ বাবেও গ্ৰাহকক সহজেই পোৱা যায়।
পুৰণি কাপোৰ বিক্ৰী কৰাৰ আগত মন কৰিবলগীয়া কিছু বিষয় :
ঘৰৰ পুৰণি কাপোৰ বিক্ৰী কৰাৰ পূৰ্বে কিছুমান কথা মনত ৰাখিব লাগিব, যেনে-
1. পুৰণি কাপোৰৰ অৱস্থা: কাপোৰখিনি সুন্দৰ আৰু পৰিষ্কাৰ অৱস্থাত থাকিব লাগে। বেয়া অৱস্থাত থকা কাপোৰ বিক্ৰী কৰা কঠিন হয়।
2. বিক্ৰী কৰিবলগীয়া কাপোৰবোৰ বাচনি কৰক: যি সমূহ কাপোৰ আপুনি পুনৰ ব্যৱহাৰ নকৰে বা যাৰ কোনো বিশেষ চাহিদা নাই, সেইবোৰ কাপোৰ বিক্ৰী কৰিবলৈ বাচনি কৰক।
3. মূল্য নিৰ্ধাৰণ: পুৰণি কাপোৰৰ প্ৰকৃতি আৰু অৱস্থাৰ ওপৰত ভিত্তি কৰি সঠিক মূল্য স্থিৰ কৰক। সাধাৰণতে, পুৰণি কাপোৰৰ দাম কম হ’লে বিক্ৰী বেছি হ’ব।
পুৰণি কাপোৰৰ অনলাইনযোগে বিক্ৰী কৰি কেনেকৈ বেচি উপাৰ্জনৰ কৰিব ?
পুৰণি কাপোৰ বিক্ৰী কৰাৰ সময়ত ভালকৈ উপাৰ্জন কৰিবলৈ কেইটামান কৌশল ব্যৱহাৰ কৰিব পাৰে।
1. আকৰ্ষণীয় ফটো আপলোড কৰক:
– কাপোৰখিনি চাফা অৱস্থাত ৰাখি সুন্দৰ ফটো তোলক।
– প্ৰাকৃতিক পোহৰত ফটো উঠালে ফটোবোৰ ধুনীয়া হয় আৰু সেইকাপোৰ বেচি দামত বিক্ৰীহোৱাৰ সম্ভাৱনা বেচি থাকে ৷
2. সঠিক বিৱৰণ লিখক:
– কাপোৰৰ নাম, আকাৰ, ৰং, আৰু বস্তুৰ গুণগত মান স্পষ্টকৈ লিখক।
– যেনে- “Men’s Cotton Shirt, Size: M, Color: Blue, Brand: XYZ”
3. পুৰণি কাপোৰযোৰৰ বিক্ৰীমূল্যৰ ওপৰত বিশেষ ৰেহাই দিয়ক :
– অধিক গ্ৰাহকক আকৰ্ষণ কৰিবলৈ মূল্যত কিছু বিশেষ ৰেহাই দিয়ক।
– “Buy 2 Get 1 Free” দৰে অফাৰ দিলে সহজে বিক্ৰী হয়।
4. প্ৰচাৰ আৰু শ্বেয়াৰ:
– সামাজিক মাধ্যমৰ জৰিয়তে (Facebook, Instagram) আপোনাৰ প’ষ্ট শ্বেয়াৰ কৰক।
– বন্ধু-বান্ধৱক আপোনাৰ বিজ্ঞাপন শ্বেয়াৰ কৰিবলৈ ক’লে বিক্ৰীৰ সম্ভাৱনা বৃদ্ধি পায়।
পুৰণি কাপোৰ বিক্ৰী কৰাৰ সময়ত মন কৰিবলগীয়া বিষয় :
1. বিশ্বাসযোগ্যতা বজাই ৰাখক:
– গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপনত আন্তৰিক হোৱা উচিত।
– সময়মতে ডেলিভাৰী দিয়ক আৰু সঠিক তথ্য দিয়ক৷ ভূল তথ্যৰে বিক্ৰীৰ চেষ্টা নকৰিব, নহলে ই আপোনাৰ বিশ্বাসযোগ্যতা হ্ৰাস কৰিব ৷
2. ডেলিভাৰী আৰু পেকেজিং:
– বিক্ৰীহোৱা পুৰণি কাপোৰখিনি সদায় পৰিষ্কাৰ কৰি সুন্দৰকৈ পেকেজিং কৰিব ৷
– ডেলিভাৰী চাৰ্ভিচৰ বাবে স্থানীয় ডেলিভাৰী কোম্পানীৰ সৈতে যোগাযোগ ৰাখক।
3. বিক্ৰীমুল্য আদায়ৰ মাধ্যম নিৰ্ধাৰণ:
– বিক্ৰীহোৱা পুৰণি কাপোৰৰ বাবদ পাবলগীয়া টকা আদায় দিয়াৰ বাবে আপুনি নগদ লেনদেনৰ লগতে UPI, Paytm, Google Pay আদিৰ সুবিধা দিয়ক।
পুৰণি কাপোৰ অনলাইনযোগে বিক্ৰী কৰাৰ সময়ত সদায় মনত ৰাখিবলগীয়া কথা :
পুৰণি কাপোৰৰ ওপৰত আয়ৰ পৰিমাণ কাপোৰৰ মান, ব্যৱহাৰ কৰা প্লেটফৰ্ম আৰু আপোনাৰ বিপণনৰ কৌশলৰ ওপৰত নিৰ্ভৰ কৰে। অভ্যাস কৰিলে আৰু সময় অনুযায়ি নতুন নতুন কৌশল হাতত ললে আয় বেছি হ’ব।
এনেদৰে আপুনি আপোনাৰ অলাগতীয়াল বুলি ভবা তথা অব্যৱহৃত পুৰণি কাপোৰ সহজে এনেদৰে উপাৰ্জন আৰম্ভ কৰক। সঠিক প্লেটফৰ্ম বাচি, সুন্দৰ ফটো আৰু বিৱৰণ দি, আপোনাৰ অনলাইন উপাৰ্জনৰ যাত্ৰা আৰম্ভ কৰক।
৫০ বছৰ বয়সটো ২৬ বছৰীয়া এজনী ছোৱালীৰ দৰে সুন্দৰী হৈ থাকিব বিছাৰে নেকি? এয়া জানো সম্ভৱ ? সকলো বিচাৰি পাব এই প্ৰতিবেদনত ৷
External link : https://www.referkaroearnkaro.com/post/platforms-to-sell-old-clothes-online