Story Assamese | হত্যাকাৰী.. (The Killer):
এইয়া মোৰ শেষ সিদ্ধান্ত | মই তাক হত্যা কৰিম, কাৰন মই বাধ্য হৈ পৰিছো | হাতত থকা লাঠি ডাল আৰু জোৰেৰে খামুচি ধৰিলো | তাৰ অত্যাচাৰবোৰ আৰু মই সহ্য কৰিব নোৱাৰা হৈছো | দুৱাৰখন লাহেকৈ ফাঁক কৰি জুমি চালো, সৌৱা সি মোৰ পিনে পিঠি দি নিজৰ কামত ব্যস্ত হৈ আছে | এইয়াই সুবৰ্ণ সুযোগ | ডিঙিটো মোৰ শুকাই আহিছে…হাত দুখন কপি উঠিছে… আজিলৈকে এটা প্ৰাণী ও হত্যা কৰি নোপোৱা মানুহজনী আজিৰ পৰা হত্যাকাৰী হ’ম ! ভগৱান মোক ক্ষমা কৰি দিয়া, মোৰ হাতত আৰু একো উপায় নাই !!!

সি নিজৰ কামত ব্যস্ত.. মই ভৰিৰ শব্দ নকৰাকৈ মেকুৰী খোজেৰে আগুৱাই তাৰ পৰা অলপ দূৰত গৈ ৰৈ গলো | মোৰ কপালত বিন্দু বিন্দু ঘাম, লাহেকৈ লাঠিডাল ডাঙি ল’লো আৰু…. গাৰ সমস্ত জোৰেৰে পিচফালৰ পৰা তাৰ মুৰত কোবটো মাৰি দিলো… লগে লগে সি মাটিত বাগৰি পৰিল, মুখেৰে তাৰ তেজ ওলাবলৈ ধৰিছে | লাহে লাহে তাৰ দেহটো নিথৰ হৈ আহিছে, সি মৃত্য ৰ দিশত আগুৱাই গৈছে!!
দুয়োহাতে মুখখন ঢাকি মই কাষতে থকা বিছনাখনত বহি পৰিলো… দুচকুৱেদি মোৰ চকুলো বৈ আহিছে… মই হত্যাকাৰী হ’লো কিন্তু….. মোৰ হাতত আন উপায় নাছিল ! ঘৰৰ মূল্যৱান সকলো বস্তুৱে সি শেষ কৰি দিছিল দামী চোফা, কাপোৰ আনকি মই সিদিনা পোৱা দৰমহাৰ টকা কেইটাও সি খাই শেষ কৰি দিলে, সেই দিনাই মই সিদ্ধান্ত লৈছিলো তাক হত্যা কৰাৰ, আৰু আজি তাক হত্যা কৰি ইমানদিনে সি মোৰ ওপৰত কৰি থকা অত্যাচাৰৰ প্ৰতিশোধ ল’লো !!
আজিৰ পৰা নিগনিটোৰ অত্যাচাৰৰ পৰা মই পৰিত্ৰাণ পালো | নিগনিটোৰ নিঠৰ দেহটো লৈ চাই মোৰ মুখেৰে এটা হুমুনিয়া ওলাই আহিল… ভগৱানে তোৰ আত্মাক শান্তি দিয়ক |
“ডিচেম্বৰ ২০২৪ ৰ ৰাশিফল (Rashifal Assamese: December” 2024)”: আপোনাৰ ৰাশিচক্ৰৰ ভাগ্য, কৰ্ম, আৰ্থিক অৱস্থা আৰু প্ৰেম জীৱনৰ পৰিৱৰ্তন সম্পৰ্কে জানিবলৈ আমাৰ এই বিশেষ ৰাশিফল পঢ়ক।”
আশাকৰোঁ, “হত্যাকাৰী” গল্পটোৱে আপোনাক মুগ্ধ কৰিছে। এনেধৰণৰ অসমীয়া গল্পৰ বাবে আমাৰ ৱেবছাইটত নিয়মিত ভিজিট কৰক । Story Assamese | Assamese Stories.
Copy right reserved with the author.