
Yoga Benefits ৷ এই ৬টা বিশেষ কাৰনত শিক্ষাৰ্থীসকলে যোগাসন কৰিব লাগে ! সফলতা ১০০% পাব ৷
আজিৰ প্ৰতিযোগীতামূলক যুগত নিজকে প্ৰতিস্থিত কৰাৰ বাবে শিক্ষাৰ্থীসকলে মানসিক আৰু শাৰীৰিক চাপৰ মাজেৰে অগ্ৰসৰ হ’বলগীয়া হয়৷ যি সকল শিক্ষাৰ্থী মানসিক ভাৱে সৱল, তেওঁলোকে মানসিক চাপ মাজতো সফলতাৰ মুখ দেখে ৷ কিন্তু কিছু সংখ্যক শিক্ষাৰ্থীয়ে এই মানসিক চাপ বহণ কৰাত অক্ষম হ্য় আৰু মানসিক ভাৱে ভাৰাক্ৰান্ত হি পৰে ৷ এনে পৰিস্থিতিত তথা আজিৰ প্ৰতিযোগীতামূলক বাতাবৰণত যোগাসন শিক্ষাৰ্থীসকলৰ বাবে অতি প্ৰয়োজনীয় তথা প্ৰাসংগিক বিষয় হৈ পৰিছে৷ইয়াত আমি শিক্ষাৰ্থীসকলৰ জীৱনত যোগাৰ বিভিন্ন সুফল (Yoga Benefits)ৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো ৷
১. মানসিক একাগ্ৰতা আৰু স্মৃতি শক্তি বৃদ্ধি | Yoga Benefits:
যোগাৰ বিশেষ বিশেষ আসন আৰু প্ৰাণায়াম অনুশীলনে মগজুৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ ফলত মগজুৰ একাগ্ৰতা বৃদ্ধি পায়, যি শিক্ষাৰ্থীসকলৰ পঢ়াশুনাত বিশেষভাৱে সহায়ক হয়। যোগাসনৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ স্মৃতি শক্তি অধিক তীক্ষ্ণ হৈ পৰে, যাৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ বিষয়বস্তু মনত ৰাখিবলৈ সহজ হৈ পৰে।
২. মানসিক চাপ হ্ৰাস | Yoga for Anxiety :
শিক্ষাৰ্থীসকলৰ ওপৰত থকা শিক্ষা আহনৰ চাপ , পৰীক্ষাৰ ফলাফলৰ দুশ্চিন্তা, আৰু সকলো ধৰণৰ মানসিক সংঘাত যোগাসনৰ জৰিয়তে দূৰ কৰিব পাৰি । ধ্যান আৰু প্ৰাণায়ামৰ লগত যোগাসন মিলাই অনুশীলন কৰিলে মনৰ ভিতৰত থকা চিন্তা-ভাবনাৰ চাপ নিৰাময় হয় আৰু শিক্ষাৰ্থী সকলে অধিক শাৰীৰিক আৰু মানসিক শক্তি অনুভৱ কৰে।
৩. শাৰীৰিক সুস্থতা | Yoga Fitness:
যোগাসনে দেহৰ বিভিন্ন অংগৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সঠিক ৰূপত চলাই ভাৱে চলাই নিয়াত সহায় কৰে। নিয়মিত যোগাসন অনুশীলনে দেহৰ সুস্থতা প্ৰদান কৰে ৷ পেটৰ সমস্যা , হাড়ৰ সমস্যা , বিষ-জ্বলন আদি ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। শিক্ষাৰ্থীসকলৰ বাবে শাৰীৰিক সুস্থতা ও সক্ষমতা এক বিশেষ গুৰুত্বপূৰ্ণ বিষয় এজন ছাত্ৰ শাৰীৰিক ভাৱে সুস্থ হৈ থাকিলে তেওঁৰ মগজুৰ ক্ৰিয়া সঠিক ভাৱে পৰিচালিত হয়, লগতে তেওঁ প্ৰতিটো ক্ষেত্ৰতে পাৰদৰ্শিতা প্ৰৰ্দশন কৰাত সফল হয় ৷
৪. আত্মবিশ্বাস বৃদ্ধি | Yoga Meditation:
যোগাসন আৰু ধ্যানৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজকে অধিক আত্মবিশ্বাসী আৰু স্থিৰ কৰি তুলিব পাৰে। আত্মবিশ্বাসে শিক্ষাৰ্থীৰ জীৱনত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিসকলে নিয়মিত যোগা অনুশীলন কৰে , তেওঁলোকৰ ভিতৰত নিজকে শুদ্ধ ও সফলভাৱে প্ৰতিস্থিত কৰাত সক্ষম হয় ৷
৫. স্বাস্থ্যসম্মত জীৱনশৈলী | Everyday Yoga :
যোগাৰ নিয়মিত অনুশীলনে শিক্ষাৰ্থীসকলৰ মাজত স্বাস্থ্যসম্মত জীৱন ধাৰণ কৰাৰ এক অভ্যাস গঢ়ি তোলে । নিয়মিত স্বাস্থ্যসন্মত খাদ্য আৰু শৃংখলিত জীৱন যাপনৰ ক্ষেত্ৰত যোগ অভ্যাসে পূৰ্ণ সহযোগিতা আগবঢ়াই । নিয়মিত যোগাৰ সৈতে শৃংখলিত খাদ্যাভ্যাস গঢ়ি তুলিলে দীৰ্ঘজীৱন আৰু সুস্থতাৰ পথ প্ৰশস্ত হয়।
৬. পৰীক্ষাৰ সময়ত চাপ হ্ৰাস | Yoga Benefits :
পৰীক্ষাৰ দিনত শিক্ষাৰ্থীসকলৰ ওপৰত দুশ্চিন্তা আৰু চাপ বৃদ্ধি পা্য় ৷ এনে সময়ত যোগাৰ বিভিন্ন আসনে তেওঁলোকৰ মন আৰু মগজুক শান্ত কৰি ৰাখিবলৈ বিশেষভাৱে সহায় কৰে। ইয়াৰ ফলত পৰীক্ষাত শিক্ষাৰ্থীসকলে নিজৰ মন-মগজুক শান্ত কৰি ৰাখি পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈ পৰে ৷
উপসংহাৰ:
যোগাৰ সুফলসমূহ (Yoga Benefits) শিক্ষাৰ্থীসকলৰ বাবে অপৰিসীম। যোগা কেৱল এটি শাৰীৰিক ব্যায়াম নহয়, ই এক অভ্যন্তৰীণ শান্তি আৰু উন্নতিৰ পথও। যোগাসনে মন আৰু দেহৰ মাজত এক সমন্বয় সৃষ্টি কৰি শিক্ষাৰ্থীসকলক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত উন্নতি কৰিবলৈ সহায় কৰে । নিয়মিত যোগাৰ অনুশীলনে শিক্ষাৰ্থীসকলক শক্তিশালী, স্থিৰ আৰু সফল ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে ।
অমাৰ জীৱনৰ লগত জড়িত বিভিন্ন মনোগ্ৰাহী প্ৰবন্ধ পঢ়াৰ বাবে grihini.in ৰ লগত জড়িত হৈ থাকক ৷ লগতে আমাৰ facebook page “GRIHINI” ত join কৰক ৷
(এই প্ৰবন্ধৰ তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত)
লগতে পঢ়ক :
Health Tips Assamese |৫৬ বছৰতো ২৬ বছৰীয়া ছোৱালীৰ দৰে সুন্দৰী ! এয়া জানো সম্ভৱ ?